ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

ভাগৱত পাঠ যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীঃ

প্ৰতিজন মানুহৰ জন্ম হয় এটা শুদ্ধ মনলৈ । শুদ্ধ মনত সৃষ্টি হয় সুন্দৰৰ । সুন্দৰৰ সৃষ্টিৰ বাবে প্ৰয়োজন হয় এটা অনুকুল বাতাবৰণ বা পৰিবেশৰ । সেই পৰিবেশ গঢ়ি দিয়ে সমাজে । এখন সমাজৰ উত্তৰণৰ লেখ-অভিলেখ বোৰ নিৰ্ভৰ কৰে সেইখন সমাজৰ মানুহৰ সুন্দৰতাৰ সৃষ্টিৰ প্ৰতি থকা মানসিকতাৰ ওপৰত । সেয়েহে সমাজ আৰু ব্যক্তিৰ পাৰস্পৰিক স্থিতিৰ অনুকূলতাৰ প্ৰশ্ন উঠে। যিখন সমাজত প্ৰতিজনে সৰ্বজনৰ কাৰণে আৰু সৰ্বজনে প্ৰতিজনৰ হকে কাম কৰে, সেইখন সমাজেই উত্তৰণৰ দিশত আগবাঢ়ি যাব পাৰে । এই উত্তৰণৰ এটা মহান শক্তি হ'ল যুৱশক্তি । যুৱশক্তিয়ে যেতিয়া সুন্দৰ ৰূপত আত্মপ্ৰকাশ কৰে তেতিয়া সমাজ হয় সৰ্বাঙ্গ সুন্দৰ। কিন্তু সাম্প্ৰদায়িক সময়ত বস্তুবাদী চিন্তাধাৰাই যুৱ সমাজৰ মন ভাৰাক্ৰান্ত কৰি তুলিছে । যাৰ ফলত যুৱ সমাজে জীৱনৰ মূল সুঁতিৰ পৰা আঁতৰি গৈ বেলেগ এটা দিশত অৱস্থান কৰিছে । ফলস্বৰূপে সমাজত অপ-সংস্কৃতিয়ে গা কৰি উঠিছে । অসূয়া, অপ্ৰীতি আদি কুভাবে যুৱ সমাজৰ মনত চানিধৰাৰ ফলশ্ৰুতিত দয়া, ক্ষমা, অহিংসা, সহণশীলতা আদি গুণৰ অভাৱ দেখিবলৈ পোৱা গৈছে ।

সাম্প্ৰতিক এই যুৱ মানসিকতাৰ নিৰাময়ৰ এটা পথ হৈছে আধ্যাত্মজ্ঞানৰ চৰম উপলব্ধি কৰা । আধ্যাত্মজ্ঞানৰ চৰম উপলব্ধিয়ে যুৱ মানসিকতাক জীৱনৰ প্ৰকৃত পথলৈ আনিবলৈ সক্ষম হ'ব বুলি ভাবিব পাৰি । বৰ্তমান যুগটো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ । এই যুগটোত আমাৰ শিক্ষিত যুৱ সমাজে আধ্যাত্মিক চিন্তা চৰ্চা বা ধৰ্মীয় জ্ঞান কৰ্মৰ প্ৰয়োজনীয়তা নাই বুলিয়েই ভাবে । কিন্তু এনে ক্ষেত্ৰত বিখ্যাত বিজ্ঞানী আইনষ্টানেই কৈছিল, " Religion without science is blind and Science without religion is lame." মানে বিজ্ঞানৰ অবিহনে ধৰ্ম নহয় আৰু ধৰ্মৰ অবিহনে বিজ্ঞান অন্ধ । বিজ্ঞানসন্মত ভাবে আধ্যাত্মিক জ্ঞানৰ চৰম উপলব্ধি কৰিব পাৰিলে এখন নিকা মানৱতাবাদী সমাজ গঠন হ'ব। যিখন সমাজত বিৰাজ কৰিব কেৱল শান্তি শান্তি আৰু শান্তি ।

এই আধ্যাত্মিক জ্ঞান আহৰণৰ এখন অন্যতম গ্ৰন্থ হ'ল ভাগৱত । এই ভাগৱতেই হৈছে অমৃতান্দৰ সীমাহীনভাবে বৈ থকা জ্ঞান সমুদ্ৰ স্বৰূপ । ইয়াত ভাৱ আৰু আনন্দৰ ইমানেই ব্যাপকতা আছে যে মানুহে এই ভাৱ সমুদ্ৰৰ যিমান গভীৰতালৈ নামিব সিমানে ইয়াৰ নিত্য নতুন আনন্দৰ বিমলানন্দ পাব আৰু জ্ঞান সমৃদ্ধ হ'ব । ভাগৱতৰ প্ৰথম আৰু শেষ কথাটোৱেই হৈছে,

             ধাম্না স্বেন সদা নিৰন্ত কুহুকম
                  সত্যক পৰম ধীমহি ।।
সত্যই যিহেতু সকলো ধৰ্মৰ মুল বস্তু । সেয়েহে প্ৰথম ঘোষণাতেই ভাগৱতে পৰম সত্যক ধ্যান কৰাৰ কথা স্পষ্ট কৰিছে । কিন্তু মানুহৰ স্বভাৱ এনেকুৱা যে মানুহে যি দেখে , যি শুনে তাকেই সত্য বুলি ভাবিব ধৰে । কিন্তু বহু ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো হয় । কাৰণ ৰাতি দূৰৈৰ পৰা দেখা ভূতটো দিনত গছৰ মূঢ়াও হ'ব পাৰে । কেতিয়াবা দুজন ব্যক্তিৰ দুটা সত্য হৈ পৰস্পৰ বিৰোধত থিয় দিব পাৰে । ভাগৱতে কিন্তু তেনে সত্যৰ কথা কোৱা নাই । ভাগৱতে এনে সত্যৰ কথাহে কৈছে যি সকলোৰে উদ্ধত। যি সত্যই কাৰো পক্ষপাত নকৰে । নিৰপেক্ষ সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান । বিশ্বব্ৰহ্মাণ্ডক নিয়মান কৰা সত্য । ব্যক্তিগত সত্যও হ'ব পাৰে যদিহে সি পৰম সত্যৰ বিৰোধী নহয় । যি সত্যই জীৱনক দিব পাৰে শান্তি আৰু আনন্দ । সেই সত্যই হৈছে সুন্দৰ আৰু সুন্দৰেই হৈছে ভগৱান । সেয়েহে মহাত্মা গান্ধীয়েও কৈছে, "ভগৱানেই সত্য আৰু সত্যই ভগৱান ।" যি সত্যৰ জৰিয়তে মানুহে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰে আৰু নিজৰ জীৱনক ধন্য কৰিব পাৰে । শ্ৰীমদ্ভাগৱতে সেই পৰম সত্যকেই প্ৰতিষ্ঠা কৰিব খুজিছে । গতিকে ভাগৱতৰ জৰিয়তে সেই পৰম সত্যক উপলব্ধি কৰিব পাৰি । সেয়েহে ভাগৱত সেৱণ, শ্ৰবণ, পঠন অথবা দৰ্শনতেই মানুহে শান্তি লাভ কৰিব পাৰে ।
(আগলৈ,,,,,,,,,,,,)

Comments

Post a Comment

Popular posts from this blog

ভাগৱত পুৰাণ

মই কেতেকী