কবিতা
ধুনীয়া ছোৱালীজনীঃ
ৰামধেনুৱে আবেলিৰ বুকুত ৰঙ সনা দিনত
মই তাইক লগ পাইছিলো
তৰাটো বখলিয়াই খাওঁতে
আধা তাইকো দিছিলো
তাই চুলিত খেপিয়াই
চকুৰ কাজলত থয় সপোন
তাই আছিল মোৰ আকাশ, ফাগুন
আঁকি-বাকি কাগজত কবিতা লিখিছিলো
তাইয়েই যে শিকাইছিল মোক
জীৱনৰ উদ্ যাপন, উপভোগ, উন্মাদনাৰ
নতুন নতুন সংজ্ঞাবোৰ
তাইতেই যে বিচাৰি পাইছিলো
মোৰ আধা লিখা কবিতাৰ ছন্দবোৰ
কেতিয়াবা বৰ মন যায় জানে
আকাশৰ ধুনীয়া তৰাবোৰ চিঙি আনি যেন
তাইৰ বুকুতেই মেলি দিম
কিবা খং উঠিব
সূৰ্যটোক থপিয়াই আনি
তাইক উপহাৰ দিম
কিন্তু নোৱাৰোঁ, নালাগে, নকৰোঁ
কাৰণ তাই যে এতিয়া মোৰ নিলাজ সপোন
যদিও তাই মোৰ
বুকুৰ কোনোবাখিনিৰ আপোন
আজিও তাই চালে মোক
ঘনে ঘনে বুকুত মৃদং বাজে
খোলৰ শব্দত
তাই মোৰ বুকুতে নাচে
তাই যে আছিল মোৰ সপোন
ৰামধেনুৰ সেই আবেলিটোৰ
মৰমৰ দাপোন
তাইৰ চকুত মোক দেখিছিলো
চুলিখিনি তাইৰ চকুতে ফনিয়াইছিলো
অকলশৰীয়া সপোনবোৰত
তাইলৈ জখলা দি বগাইছিলো
তাই আছিল মোৰ অনুভৱৰ নাচোন
সপোন ভাঙি যায় কেতিয়াবা
চেপা কলিজাৰ জেৰেঙাৰে
পৃথিৱীৰ প্ৰান্তে প্ৰান্তে উৰে হতাশাৰ বতাহ
তথাপি আহে, ফাগুনে-আঘোনে
কেতিয়াবা টোপনিত নিৰৱে
ৰামধেনুৱে আবেলিৰ বুকুত ৰঙ সনা দিনত
মই তাইক লগ পাইছিলো
তৰাটো বখলিয়াই খাওঁতে
আধা তাইকো দিছিলো ।
Comments
Post a Comment