ভৌতিকঃ
2003 চনৰ কথা । দেউতা ঢুকুৱাৰ দ্বিত্বীয় দিনা । আমি তেতিয়া পুৰণা ঘৰত। আমাৰ ৰুমটো যথেষ্ট্ৰ ডাঙৰ আছিল বাবে পকাত মা, মই, ভাইটী, জেঠাই আৰু মাহী এজনী শুই আছিলো । সেইটো ৰুমৰে বিছনা এখনত মোৰ খুড়ী এজনী আৰু মোৰ ভন্টী দুজনী আৰু তাৰ কাষৰ বিছনা খনত খুড়া শুই আছিল । আমাৰ ঘৰটো পুুৰণি । তাতে আগফালৰ দুৱাৰখন আৰু পুৰণি আছিল। দুৱাৰখন খুলিলে বা বন্ধ কৰিলে কিবা সেই ভূতৰ গল্প-ছবি বোৰত শব্দ হোৱাৰ দৰে শব্দ হৈছিল।
সেইদিনাও ঠিক 12.30 মান হৈছিল চাগৈ । সকলো শুই আছিল কিন্তু টোপনী কাৰো চকুতে নাছিল ! সেইদিনাও ঠিক তেনেকৈয়ে দুৱাৰ খন খোলাৰ শব্দ এটা হৈছিল আৰু লগে লগে দেউতাৰ দৰে খোজ কঢ়াৰ । মই কৈছিলো কোনোবা আহিছে । খুড়াই কৈছিল "মনে মনে থাকচোন ৰ'"। এনেতেই আকৌ দুৱাৰখন বন্ধ হোৱাৰ শব্দ এটাত সকলোবোৰ নোহোৱা হৈছিল ।
আমি সেইদিনা ৰুমটোত 9 জন মানুহ আছিলো। ধৰিল'লো এইবোৰ ভ্ৰম আছিল । সঁচাকৈ বাৰু সকলোৰে একে সময়তে ভ্ৰম হৈছিলনে ? যদি হৈছিলো , এনে কি শক্তিৰে ক্ৰিয়া কৰিছিল যে 9 জন মানুহৰ মগজুত আধিপত্য বিস্তাৰ কৰিব পাৰিছিল ? আজিও মোক এইটো কথাই আমনি কৰে ।
Comments
Post a Comment