একাশী জোনাকঃ
আগফালৰ চকীখনত বহি অপুৱে জোনলৈ বাট চায় আছে । আজি শনিবাৰ, 12 বজাতে স্কুল ছুটী হয়। কলৈ গল বাৰু তাই । আকাশখনেও গোমোঠা মাৰি ধৰিছে । এজাক ডেউকা ভঙা বতাহ তাৰ কাষেৰে পাৰ হৈ গ'ল। মেঘ চপৰাই পচোৱাৰ গতিত ইফালে সিফালে ঘুৰিছে। বৰষুণ এজাক অহাৰ কথা চলি আছে ।বাৰে বাৰে সি চকীখনৰ পৰা উঠি গৈ জপনাখনৰ ওচৰৰ পায়গৈ । নাই তাই অহা নাই । ফোনটো লৈ জোনলৈ বাৰে বাৰে ফোন কৰিছে যদিও উঠোৱা নাই । তাই সাধাৰণতে স্কুটি চলায় থাকিলে ফোন টো নুঠাই । স্কুটিৰ টুল বক্সটোৰ ভিতৰত ফোনটো থাকে। বৰ বেয়াকৈ খং এটা উঠিছে তাৰ । পাতলীয়া বৰষুণ এজাক আহি আগফালৰ চোতাল খন তিয়াই পেলালে। চোতাল খনৰ দ - দ ঠাইবোৰত দোঙা দোঙা কৈ পানী জমা হ'ল । তাতে ভেকুলি দুটাই বৰ আনন্দ মনেৰে খেলিছে । নাৰিকল গছকেইজোপাৰ পৰা টোপা টোপে বৰষুণৰ পানী বোৰ সৰিছে । পথাৰ খনৰ সিপাৰৰ পৰা গৰখীয়া এজাকৰ সুহুৰি এটা ভাহি আহিছে । গৰু দুজনী মান হেম্বেলীয়াই হেম্বেলীয়াই সিহঁতৰ ঘৰৰ দিশে চেকুৰ লৈছে । জপনা খনৰ সিপাৰে সৰু ল'ৰা ছোৱালী কেইটামানে বৰষুণৰ জমা হোৱা পানীখিনিত জঁপিয়াই জঁপিয়াই সাঁতুৰিছে । ওচৰৰ মাহীজনীয়ে শুকান জেওৰা খৰি এডালেৰে সিহঁতক ঘৰলৈ নগৈছনে বুলি খেদা লৈছে ।
এনেবোৰৰ মাজতো নানান চিন্তাই অপুৰ মনতো খেলি মেলি লগাই আছে আজি । কলৈ গ'ল বাৰু তাই । স্কুলৰ পৰা ওলাই আহিলনে নাই । বৰষুণৰ বাবে ৰৈ দিব লগা হৈছে যদি ক'ত ৰৈছে বাৰু । স্কুললৈ যোৱা বাটতো বোকা হয়, বোকা খিনি বাৰু পাৰ হ'ল নে নাই । কিয় ইমান দেৰিলৈকে থাকিব লাগে ইত্যাদি ।
তেনেতে বৰষুণজাক বৰ জোৰেৰে আহিল । অপু চকীখনত আকৌ বহি পৰিল। বৰষুণ জাকে যেন তাক কাণে কাণে কিবা এটা কৈছে । বৰষুণজাক যেন টোপাল টোপাল হৈ তাৰ বুকুতে সৰিছে। তাৰ বহুবছৰ পুৰণা সেই মিঠা বৰষুণ জাকলৈ মনত পৰিল ।
এনেকুৱা এটা বৰষুণৰ দিনতে এদিন অপুৱে জোনক দেখা পাইছিল । হায়াৰ চেকেণ্ডাৰীৰ পৰীক্ষা শেষ কৰি আহি ঘৰত আছিলহি সি । বালিপুখুৰীৰ সেই চেন্টাৰ টোত অপুৱে চিগাৰেট হুপি হুপি পান দোকানখনত আড্ডা দি আছিল সেইদিনা । তেনেতে স্কুলৰ পৰা ঘৰলৈ বুলি ওভটা ছোৱালীৰ জাক টো বৰষুণৰ পৰা ৰক্ষা পাবলৈ পান দোকান খনৰ বাৰাণ্ডাত ভিৰ কৰিছিল। জাকটোৰ মাজত এজনী ছোৱালীৰ প্ৰতি অপুৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছিল আৰু তাইৰ গাৰ পৰা ভাহি অহা টেম্পটেইচন পাৰ্ফিউমৰ গোন্ধ এটাই তাক বৰ আমনি কৰিছিল । বৰষুণ জাক এৰিলে, ছোৱালী কেইজনী গুছি গ'ল কিন্তু সেই পাৰ্ফিউমৰ গোন্ধটো তাৰ নাকৰ পৰা গৈ বুকুত ক্ৰিয়া কৰিলে।
"ঐ এই ছোৱালীজনী কোন আছিল বে?"
_মোৰ লগৰ এজনীৰ ভনীয়েক, নাম জোনমনি শইকীয়া, হায়াৰ চেকেণ্ডাৰী ফ্ৰাৰ্ষ্ট ইয়েৰৰ -ৰূপমে ক'লে । ৰূপম সম্পৰ্কত অপুৰ ককায়েক যদিও দুয়োটা লগৰ দৰেই থাকে ।
"মোক লৈ যাবি না এদিন "
_কিয়! প্ৰেমত পৰিলি নেকি?
"অ বে, ইমান ধুনীয়া"
_তই আৰু কিমানৰ প্ৰেমত নপৰ'?
"নাই বে সঁচায় কৈছোঁ "
_হ'ব দে লৈ যাম
"কেতিয়া নিবি ক' ?"
_এদিন লৈ যাম দে
"নাই কালিলৈ যাম"
_অকে
তাৰপিছত ঘৰলৈ আহি ৰাতিটো তাৰ টোপনি নগ'ল। সপোন কিছুমানে বোকোচাত শিলে খুন্দিৱাদি খুন্দিয়ালে। পিছদিনা আবেলি দুয়োটা সিহঁতৰ ঘৰলৈ গ'ল । ৰূপমৰ লগৰ ৰুলী আৰু জোনৰ একমাত্ৰ বায়েক। অপুক চিনাকী কৰাই দিলে সি , লগতে জোনকো। সেইদিনা বহুসময় কথা পাতিলে চাৰিওটায়ে । সন্ধিয়া লাগিল, দুয়োটা ঘৰলৈ আহিল । অপুৰ মনটো কিন্তু জোনাক এজাকৰ দৰে আন্দতত মতলীয়া হৈ ফুৰিছিল । কাৰণ দুদিন পিছতেই জোনহঁতৰ কাষৰ পথাৰ খনত বিহুমেলা আৰু সিহঁত দুয়োটাকে চাবলৈ মাতিছে । বহু কথাই ভাবিলে অপুৱে সেইদিনা । তাই বোৱাৰী হৈ ঘৰলৈ আহিলে কেনেকুৱা হ'ব ? তাইক বিহুৰ সাজযোৰত কেনেকুৱা লাগিব? তাইৰ বাৰু কাৰোবাক আগৰ পৰাই ভাল পায় নেকি বা কথা দি থৈছে নেকি ইত্যাদি ইত্যাদিবোৰ ।
"ঐ তই আৰু কিমান শুৱ? 10 টা বাজিল । হায়াৰ চেকেণ্ডাৰীৰ পৰীক্ষাটোহে শেষ কৰিছ, বি.এ. ফাইনেল দি শেষ কৰা নাই নহয় "
মাকৰ মাতত তাৰ টোপনী ভাগিল । ধেৎতেৰী আজিটো বিহুমেলা আছিল। বিছনাৰ পৰাই সি ফোন কৰিলে ৰূপমলৈ । আৰু দুয়োটা 3 মান বজাত যোৱাটো ঠিক হ'ল। অপুহঁতৰ ঘৰৰ পৰা জোন হঁতৰ ঘৰ বেছি দুৰত নহয়। চাইকেল এখন লৈ ওলাল আকৌ দুয়োটা । ৰাস্তাতে আকৌ কমলা দাইটিৰ দোকানত চিগাৰেট এটা হুপি বিহুমেলা পালেগৈ। বিহুমেলা পোৱাত ৰুলীয়ে ৰূপমক দেখি হাতবাউলী দি সিহঁতৰ ওচৰত বহিবলৈ মাতিলে ।সেইদিনা অপুৱে জোনক দেখি পগলা হোৱাদি হ'ল । নহ'বনো কিয় ? গামোচাৰ ফুল বছা চাদৰ মেখেলা জোৰ আৰু তাইৰ নাকফুলিটোৱে তাইক স্বৰ্গৰ পৰীৰ দৰে লাগিছিল । ডিঙিত পিন্ধা শুভ্ৰ গলপাতা আৰু জেতুকাবুলীয়া দুহাতত তাইৰ গামখাৰু জোৰে তাইক বেলেগতকৈ পৃথক কৰিছিল।
অপু তাইৰ কাষতে বহিল, আচলতে বহাৰ সুবিধাটো দিলে ৰূপমে । ককাই ভাইৰ কথা আছে____
"তোমাক আজি ধুনীয়া লাগিছে জোন" অপুৱে ক'লে
_থেংক ইউ, থেংক ইউ
"তুমি সঁচাকে ধুনীয়া কিন্তু"
_হ'ব দিয়া ! চেনী খাব নালাগে, এতিয়া বিহুমেলা চোৱা
"মোৰ যে তোমাকেই চায় থাকো নিচিনা লাগিছে"
_অ' মানে তুমি মোৰ লগত লাইন মাৰিছা ?
"লাইন মৰিলে কি এনেকৈ কয় নেকি ! "
_তেন্তে কেনেকৈ কয় ?
"পিছত শিকাই দিম দিয়া"
_আটচা তাৰমানে তুমি লাইন মৰাৰ কোৰ্চ কৰি থৈছাঁ?
কেতিয়াও কাৰো কথাত হাৰি নোপোৱা অপু সেইদিনা যেন তাইৰ ওচৰত হাৰি গৈছে । এনেকুৱাকৈ হাৰি পোৱা সুখত যি মাদকতা আছে, সেইয়া অপুৰ বাহিৰে বেলেগে কেনেকৈ বুজিব । বিহুমেলা শেষ হ'ল । কিন্তু ৰুলীয়ে দুয়োকে চাহ একাপ খাই যাবলৈ ঘৰলৈ মাতিলে । দুয়ো চাহ খাবলৈ গ'ল আৰু সেইদিনা জোনৰ দেউতাক-মাকৰ লগতো চিনাকী হ'ল অপুৱে । অপুৰ দেউতাকে চাকৰি কৰা স্কুল খনতে জোনৰ দেউতাকে পঢ়িছিল। ৰূপমক আগৰ পৰাই চিনি পাইছিল সেয়েহে সিয়েই অপুক সকলোৰে লগতে চিনাকী কৰাই দিলে। অপুৰ লগত সেইদিনা দেউতাকে বহু কথাই পাতিলে। মানে অসম আক্ৰমণৰ পৰা আৰম্ভ কৰি দ্বিত্বীয় বিশ্ব যুদ্ধ লৈকে । মাজে মাজে জোনে তেওঁলোকৰ কথাবোৰ আহি আহি শুনে আৰু আকৌ গুছি যায় । তাই কোঠাটোত থকা সময় কনত অপুৰ নিজৰ চকুকেইটাৰ ওপৰতো আধিপত্য হেৰাই যায় । বহুসময় কথা পতাৰ পিছত অপু আৰু ৰূপম দুয়োটা ঘৰলৈ আহিল।
সেইদিনা অপুৱে তাইৰ হৃদয় নদীত সাঁতুৰি, অনুভৱবোৰেৰে চুচুক চামাক কৰি, তাইৰ বুকুৰ পৰা একাষি জোনাক আৰু এমুঠি পোহৰ আজুৰ মাৰি লৈ আহিল । আহোতে জোনক কৈ আহিল "কালিলৈ বালিপুখুৰী চেন্টাৰত লগ পাম দেই আকৌ । "
ঘৰ আহি পায় সি বেয়া পৰিস্থিতি এটাৰ সন্মূখিন হ'ল। পিছদিনাই অপু গুৱাহাটী যাব লগিব । দেউতাকৰ অসুখটো বেছি হৈছে । যোৱা এবছৰ পৰা দেউতাক শয্যাশায়ী। ঘৰখনত কিবা গোমোঠা পৰা পৰিবেশ এটাই বিৰাজ কৰিছিল ।
জোৰেৰে বজা ফোনৰ ৰিংটনটোত অপু চকমক খাই উঠিল ।
"মোৰ পিছফালৰ চকাটো পামচাৰ হৈছে'' জোনে কলে
__তেনেকৈ চলায় নাহিবা । কৰবাত বনায় লোৱা । চকাত পাম নাথাকিলে তেনেকে চলাব নোৱাৰিবা । আৰু বৰষুণ জাক কমালৈকে অলপ ৰৈ থাকা । মই গৈ আছোঁ__
"ঠিক আছে, মই কমলা দাইটিৰ দোকানতে ৰৈ আছোঁ । বৰষুণ কমিলে তুমি ইয়ালৈকে আহিবা।"
(আগলৈ........)
Comments
Post a Comment