বেশ্যা ------------ সৌজনীলৈ চোৱাহঁক মূগা বৰণীয়া চুলিৰ কি উৎকট বাহাৰ দেহৰ ঊধ্বাংশত কি যে এক অদ্ভুত সমাহাৰ, মাইক্ৰ-ছাইজৰ আচ্ছাদন খোজেপতি উফাল মাৰিছে খোজেপতি চক-ছালি ধৰিছে সোতৰ বছৰীয়া স্তন দুটা ওফন্দি উঠিছে চাবও নোৱাৰি-নাচায়ো নোৱাৰি, পেন্টটো জোখতকৈ কেইবা চাইজ সৰু তানপুৰা আকাৰৰ টিকা দুটা আৰু উৰুহাল উহ কি যান্ত্ৰনা পাইছে পেন্টটোৱে, কি উপমা খাটিব বাৰু এইৰ লগত ! কি খাটিব ? সেই জেকুলিন ছুজেন নামৰ পৰ্ণ লেখিকাজনীৰ কথাৰে "সংগমোদ্যত হস্তীৰ জননেন্দ্ৰীয়" তাইৰ জিন্ ছ ফাতি মঙহাল আৰু উৰু যুগল ওলাই আহিব । ঘোৰ ক'লা আচ্ছাদনৰ মধ্যাংশত তাইৰ শুভ্ৰ নাভিমণ্ডলৰ পৰা বহু তললৈ দেহৰ এছোৱা প্ৰকত হৈছে দুৰ্বাৰভাবে, ওঁঠ দুটাত ঘোৰ কৃষ্ণ বৰ্ণৰ প্ৰলেপ সানিছে ক্ষুদ্ৰ চে'ল ফ'নত তাই কাৰোবাৰ লগত বাৰে বাৰে কথা পাতিছে । তাই মেনকা,ৰম্ভা নে উৰ্বশী তাইৰ এটা বয়ফ্ৰেণ্ড আছে । এতিয়া ভব্য-গব্য দুচকীয়া বা চাৰিচকীয়া বাহন এখন আহিব তাতে উঠি সিহঁত হাল ক'ৰবালৈ উধাও হ'ব, ইঁহতহালেই নেকি জেনেৰেচন এক্স ! ৰ'ব ৰ'ব ভুল নকৰিব তাই বয়ফ্ৰেণ্ডৰ লগত সময় কটাবলৈ ওলাই অহা নাই তাইৰ বয়ফ্ৰ...