১০ চেকেণ্ডৰ গল্প
জাতি মাটি ৰ ভিত্তিত দিচপুৰ লাষ্ট গেটত আকাশ বতাহ কপাঁই থকা সমদলটোৰ মাজত তাৰ হাতত পেট্ৰলৰ বটলটো দি যোৱা মানুহজন ক'ত সোমাই গ'ল , প্ৰণবে টলকিবই নোৱাৰিলে । হাৱাই চেণ্ডেল পিন্ধি কান্ধত কাপোৰৰ বেগ লৈ থকা মানুহজনে ৰাতিপূৱাই তাৰ পকেটত ভৰাই দিয়া ১০ টকীয়া লাইটাৰ টোৱে সি নিজকে জ্বলাই দি গমকে নাপালে যে মানুহৰ কোলাহল ,গুলিয়াগুলি, দৌৰা দৌৰি, পুলিচৰ মাৰপিত, এমবুলেঞ্চৰ টু-টা শব্দ এইবোৰৰ মাজত সি পুৰি ছাই হৈ যাব ধৰিছে ।তাৰ নাকত ভাহি অহা ৰাস্তাৰ মাজত পৰি থকা তাৰ আধা জ্বলা শৰীৰটোৰ গোন্ধবোৰ লৈ চকু মুদিব খোজোতেই সি দেখিলে ৰাতিপূৱা তাৰ হাতত লাইটাৰ দি যোৱা মানুহজন আৰু এতিয়া পেট্ৰলৰ বটলটো দি যোৱা মানুহজন, দুয়োজনে বগা ৰঙৰ মাৰুতী ভান এখনৰ পিছফালৰ চিটত বহি হাঁহি হাঁহি আঁতৰি গৈছে । কান্দিব খুজিও সি নাকান্দিলে ।
Comments
Post a Comment