ফেচবুক কৰা বাইদেউ জনী

          দুদিনমান আগৰ কথা, ফনিন্দ দেব চৌধুৰী চাৰৰ লেখা এটা প্ৰকাশ পাইছিল "কবি মোদী আৰু এটা ধূৰ্ত"! উক্ত লেখাটোত ময়ুৰ বৰা চাৰৰ এটা কাৰ্টুন প্ৰকাশ পাইছিল আৰু চাৰে নিজৰ টাইম লাইনত পেপাৰ কাটিংটো শ্বেয়াৰ কৰিছিল ! তাৰে কমেন্ট বক্সত বাইদেও এগৰাকীয়ে এটা কমেন্ট কৰিছিল
"ময়ূৰ তোমাক প্ৰথম বাৰৰ বাবে গেঞ্জী আৰু হাফপেন্টত দেখিলোঁ দেই হাঃহাঃ"!
কমেন্ট টো পঢ়ি লাইক কৰিলো আৰু জানিবৰ মন গ'ল ময়ুৰ বৰা চাৰৰ পোষ্টত এনেকৈ লিখিব পৰা মানুহ গৰাকিনো  কোন ? "! লগে লগে বাইদেওলৈ এটা ফ্ৰেন ৰিকুয়েষ্ট পথালো ! বাইদেওে গ্ৰহন কৰিলে,লগে লগে মেচেজ এটা আহিল "ধন্যবাদ মানস,বন্ধু হিচাবে বিচৰা বাবে "! ময়ো ধন্যবাদ দিলো আৰু ক'লো যে ময়ুৰ বৰা চাৰৰ পোষ্টটোত আপোনাৰ কমেন্ট টো দেখি ফ্ৰেন ৰিকুয়েষ্ট পথাইছিলো ! তেও কলে আমাৰ স্কুলৰ ছাত্ৰ আছিল, মৰমতে দি দিলো তেনেকে ! বাইদেওে বাৰে বাৰে শুধিলে বেয়া হ'ল নেকি বাৰু, সি ইমান ডাঙৰ লিখক, তাৰ পোষ্ট ত এনেকে দিয়াৰ কাৰনে ? মই কলো নাই হোৱা যিহেতু আপোনাৰ স্কুলৰে ছাত্ৰ আছিল ! আমাৰ চিনা পৰিচয় হ'ল, বাইদেওে গোটেই কথাখিনি খুউব স্পীডত লিখিছিল, তাকো অসমীয়াত ! লগতে কৈছিল তেওঁৰ চকু দুয়োটাৰে অপাৰেচন হৈছে, ভুল লিখিলে বেয়া পাবলৈ মানাও কৰিছিল!

            এইগৰাকীয়ে মই কব বিচৰা ফেচবুক কৰা বাইদেও জনী "সবিতা গোহাঁই গগৈ"! তেওঁ কটন কলেজিয়েটৰ শিক্ষয়ত্রী আছিল, এতিয়া অবসৰ ল'লে, বয়স 65 বছৰ ! মোৰ আছৰিত লাগিল ইমান বয়সস্থ মানুহ গৰাকীয়ে ইমান সুন্দৰকৈ ফেচবুক ব্যবহাৰ কৰি আছে !
বাইদেওে লিখা মেলা কৰে, টাইমলাইনত গৈ পঢ়িলো, ভাল লাগিল লেখাবোৰ আৰু সকলোবোৰ লেখাই অসমীয়াত লিখা ! (মই অসমীয়া কথাটো এইকাৰনেই কৈ আছো যে মোবাইলক অসমীয়া টাইপ কৰিবলৈ অলপ যটিল) ময়ো কেতিয়াবা দুই এটা কবিতা লিখো, বাইদেওলে পথালো, ভাল পালে! মোক ঘৰলৈ মাতিলে কেতিয়াবা ! ঘৰ ক'ত সোধাত ক'লে যে ভঙ্গাগড় ব্ৰীজ খনৰ পৰা জি এম চি ৰ ফালে  নামি আহি সোঁ ফালৰ গলিটোৱেদি সোয়াই আহিলেই হ'ল, এটা চেমচাংগৰ অফিচ আছে ঘৰটোৰ ওপৰ তালাত ! মই ঘৰটো চিনি পালো, চাকৰিৰ সুত্ৰে মই গুৱাহাটীত 10 বছৰ আছিলো আৰু এদিন বাইদেওৰ ঘৰত ভাড়াঘৰ বিচাৰি গৈছিলো! ক'লো কথাটো ! আৰু ঘৰটো লোৱা নহ'ল সেইদিনা বাইদেওৰ পতিদেৱৰ গাতো অকনমান বেয়া আছিল, সেই কথাটোৱো ক'লো ! বৰ ভাল পালে শুণি, আৰু ঘনিস্থতা বাঢ়ি গ'ল দুদিনতে ! বাইদেওে ক'লে "মোৰ লগত বেছি দিন মানুহে কথা নাপাতে, মই ব'ৰ কৰো নেকি ! কিবা কিবি কৈ !  দুদিনমান কথা পাতি আৰু কথা নাপাতে !"  দিনটো ঘৰত অকলে বাইদেও আৰু চাৰ !  বাকী সকল কৰ্ম সুত্ৰে ওলাই যায় ! সেইবাবে বোলে ফেচহবুকতে টাইম পাছ কৰে ! অকনমান মনটো বেয়া লাগিল, মই ক'লো " যেতিয়াই আপুনি মোক মেছেজ কৰিব, মই আপোনাৰ লগত কথা পাতিম"

              দুদিন মান আগত বাইদেওৰ পৰা মেছেজ এটা পালো মোৰ বোলে প্ৰকাশিত কবিতা এটা কেনোবা এজনে ভাল লগা কবিতা বুলি শ্বেয়াৰ কৰিছে ! মোৰ জানিবৰ মন গ'ল ,কোনে কৰিছে? বাইদেওে কলে ৰ'বা মই তোমাক  পথাই আছো ! মোৰ কবৰ মন আছিল কপি পেষ্ট কৰি পথাই দিওকচোন ! কিন্তু কেনেকৈ কও জানিব জানো এনেবোৰ টেকনিকেল কথা ! ভাবি থাকোতেই কবিতাটো আৰু পেপাৰ কাটিংটো ফটো কমেন্ট হিচাবে মোৰ ইনবক্সত আহিল !য'ত মোৰ মায়ে এতিয়াও সেই পুৰনি কলীয়া 1100 মোবাইলটোতে ভালকৈ কল এটা ৰিচিপ্ত কৰিব নাজানে, য'ত মোৰ পত্নীয়ে আজিলৈকে হোৱাটচ এপ ফেচবুকটো আপডেট নকৰিলে, আপডেট ভাৰচ'ন টো চলাবলৈ যটিল হ'ব বুলি তাত এই গৰাকী অবসৰপ্ৰাপ্ত শিক্ষয়ত্রীৰ ফেচবুক সম্বন্ধে এই টেকনিকেল জ্ঞান দেখি আছঁৰিত হ'লো ! সুধিয়ে পেলালো কেনেকৈ শিকিল বুলি ? ল'ৰাই শিকালে বোলে ! ফেচবুকত আৰু কি কি জানে ক'লে ! মেছেনজাৰত কালাৰ সলনি কৰিব জানে, ইমজি সলনি কৰিব জানে যিটো মোৰো শিকা বেছি দিন হোৱা নায় ! বাইদেওৰ দুটা ফোন এটা চেমচাং আৰু এটা অ'প'! জিঅ' চিম আছে ! মোৰ লগত জিঅ ৰ কথাও বহুত পাতিলে সেইদিনা, দুখনমান চেলফিও পথালে ! ফুৰি ভালপায় তেওঁ, অবসৰ লোৱাৰ পিছত বহু ঠাই ফুৰিলে, ভাৰতৰ বাহিৰতো কেইবাখনো ঠাইলৈ গ'ল !
           বাইদেওৰ কথাখিনি কিয় নাজানো মোৰ লিখিবৰ মন গ'ল ! আজিৰ দিনত বহুতেই অবসৰৰ পিছত জীৱনটো উপভোগ নকৰে! শেষ হৈ গ'ল বুলি ভাবে ! বাইদেওে আকৌ বেলেগকৈ আৰম্ভ কৰিছে ! জীৱনটো নিৰ্বাহ নহয়, উপভোগ কৰিব লাগে বুলি যেন শিকাই দিলে !

বাইদেওৰ সু স্বাস্থৰ লগতে দীৰ্ঘায়ু কামনা কৰিছো !!!!!

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী