মৰাশ' হ'লেও মোৰ সৰ্বদেহত তাইৰ আজন্ম অধিকাৰ


            শোকটো যেন উজাই আহিছে তাইৰ । কুৱাঁ পাৰৰ ৰছী ডাল মোৰ শোৱনী কোঠাৰ ফেনখনত ওলমি আছে । মোৰ নশ্বৰ দেহটোৰ ভৰ ল'ব পৰা নাই ৰছী ডালে ।মোৰ শ' টোত ধৰি আউলি বাউলী হৈ চিঞৰী চিঞৰী কান্দিছে তাই ।  কোনেও বুজাৱ পৰা নাই । আগফালৰ চোতালখন মানুহে ভৰি পৰিছে । এক মৃদু মৃদু কান্দোনৰ ৰোল উঠিছে ।পুলিচ আহিছে, দেহতো মৰনোত্বৰ পৰীক্ষাৰ বাবে নিব খুজিছে । তাই নিব দিয়া নাই । ফেনৰ পৰা ৰছী ডাল খুলি মোক মজিয়া খনত শুৱাই লৈছে । তাই সদায় বুকুত সাৱটি ধৰি শোৱা তাইৰ ভমকাফুলীয়া গাৰুতো আজি  মোৰ মূৰৰ তলত পাতি দিছে ।ক'লা পৰা মোৰ চকুহাললৈ ৰ' লাগি চাই আছে ।শেতা পৰা মোৰ ওঁঠ দুখনত তাই আঙুলিৰে মোহাৰি দিছে  ।ৰছীডালে মোৰ ডিঙিত কৰি যোৱা দাগটো তাই আলফুলে চাইছে। তাৰ মাজতেই কোনোৱা এজনীয়ে গৈ মোৰ নামৰ সেন্দুৰ কণ মছি দি আহিল । মোৰ দেহটো কাকোৱেই চুবলৈ দিয়া নাই তাই, কোনো মানুহ ওচৰ চাপিব পৰা নাই । পাগলৰ দৰে হৈ পৰিছে । চিঞৰী চিঞৰী কৈছে, "নুচুবি ইয়াক, আঁতৰি যা ইয়াৰ পৰা, কিয় আহিছ' ? " ইত্যাদিবোৰ । বৌয়ে গৈ তাইক ধৰিছে, আঁতৰাই আনিব বিচাৰিছে, নাই তাই নাহে, আকোৰগোজ । বুজাইছে নুবুজে, কৈছে নুশুণে । মোৰ বুকুত মুৰ থৈ তাই শুই আছে । সাৱত মাৰি ধৰি আছে । এনেকে আগতে তাই মোক কেতিয়াও ধৰা নাই । চোতালৰ মানুহবোৰৰ মাজত কিবা বুবু-বাবা চলিছে । শুণা নাই তাই । মোৰ দেহা টো বাহিৰলৈ উলিয়াবও দিয়া নাই তাই । মোৰ বুকুত তাই শুই পৰিছে।

             ইনানখিনি তাই কৰিবই কাৰণ তাই মোৰ পত্নী,মই তাইৰ কলিজাৰ এফাল আৰু মৰাশ হ'লেও মোৰ সৰ্বদেহত তাইৰ আজন্ম অধিকাৰ ।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী