গুণোৎসৱ
যি জন সাংবাদিকে গিৰিয়েক ঢুকুৱাৰ 10 মিনিট পিছত গৈ ঘৈণীয়েকক সোধে "আপোনাৰ এতিয়া কেনে অনুভৱ হৈছে ?" সেইজন সাংবাদিকক গুণোৎসৱৰ কাৰ্যসূচীত শিক্ষকৰ শিক্ষাগত মানদণ্ড নিৰূপণ কৰিবলৈ অধিকাৰ কোনে দিছে ? নিউজ চেনেল এটাত দেখিলো এজন 30-32 বছৰীয়া সাংবাদিকে বয়সস্থ শিক্ষক এজনক প্ৰশ্ন কৰিছে "অসমৰ মুখ্য মন্ত্ৰীৰ নাম কি ? , ভাৰতৰ বিত্ত মন্ত্ৰী কোন? " ইত্যাদি ইত্যাদি ! শিক্ষক জনে দুটা মান প্ৰশ্ন ৰ উত্তৰ দিব পৰা নাই ! কেমেৰাৰ সন্মুখত কোনো দিনো আহি নোপোৱা সেই শিক্ষক জনে সংকোচতেই হওক বা তেওঁ নাজানিয়েই হওক তেনে অৱস্থা হ'ব পাৰে ! কিন্তু সেইবোৰ TV ট দেখুৱাই হাঁহিয়াতৰ পাত্ৰ কৰা এইটো কেনে ধৰণৰ কথা ? মই যদি সাংবাদিক জনক সোধো তেওঁৰ শিক্ষাগত অৰ্হতা কিমান ? বা তেওঁ mass com কৰিছেনে ? সাংবাদিকতাৰ বিষয়ে পঢ়িছেনে ? সেই ঠাইতে তেঁওক যদি সোধা হ'য় হালধীয়া সাংবাদিকতা মানে কি ? ভূমি হস্তান্তৰত ভাৰতে বাংলাদেশত দিয়া মাটিখিনি আচলতে কোন খিনি মাটি আছিল ? আমেৰিকাত ড'নাল্ড ট্ৰাম্পৰ জয়ত আঁৰত হিলাৰী ক্লিন্টনৰ কি ভূমিকা আছিল ? পাৰিবনে ক'ব ? মোৰ সন্দেহ আছে !
সাংবাদিকতা কৰি পোহপাল দিয়া মানেই বা TRP ৰ কাৰণেই যে সকলোৰে উদ্ধত গৈ যি মন যায় তাকে কৰিব, তেনে নহয়! গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোক ! এতিয়াও সময় আছে , অলপ সাৱধান হওক !
(মই শিক্ষকতাৰ বৃত্তিত নাই, মই নিৰপেক্ষ ভাবেহে কথাখিনি কৈছো, আৰু কোনো সাংবাদিকক মানসিক আঘাত কৰাও মোৰ উদ্দেশ্য নহয় )
Comments
Post a Comment