ধ্বংস মোৰ আশাৰ সপোন

ধ্বংস মোৰ আশাৰ সপোন
যতনেৰে গঠা ফুলনিখনত
বৰ্বৰহতঁৰ যুদ্ধৰ ঘোৰাৰ গছকত
কত'  যে উভালিলি, কত' যে মৰহি গ'ল
কত' ফুলৰ কলি !
ফাটি ছিৰাছিৰ হ'ল মোৰ জাতিৰ ৷

মোৰ দেশৰ দৰিদ্ৰ জনতাৰ দাপোণ
ধ্বংস মোৰ বুকুৰ সপোন ৷

শুনেনে সিহঁতে বাৰু মাজৰাতি
সংগীতহাৰা কেতেকীৰ কৰুণ বিননী
বুজেনে সিহঁতে সিবোৰৰ ভাষা
বুজেনে সিহঁতে কিমান ভয়াৱহ
দৰিদ্ৰতা ৷
বুজেনে সিহঁতে দৰিদ্ৰতাৰ মাজতো যে
আছে আশা ৷

দেহত সিহঁতৰ গনতন্ত্ৰ ৰক্ষাৰ চোলা
অন্তৰত সিহঁতৰ আঁউসীৰ ক'লা
নোৱাৰে ল'ব গোলাপৰ গোন্ধ
দেহতো সিহঁতৰ নিচাৰে ৰুদ্ধ ৷
কেনেকৈ সোমাব ভেদি মানৱতা
যিহেতু অন্তৰত ভৰপূৰ লজ্জাহীনতা ৷

আৰু সিহঁতে হয়তো ভাবে
"দৰিদ্ৰতা সমাজৰ ব্যাধি মাথোন "
ধ্বংস মোৰ অাশাৰ সপোন ৷৷

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী