আপোনাৰ বিশ টকাত থাকে তেওঁলোকৰ সপোন


                  চহৰ-নগৰতে হওক বা গাওঁবোৰতে হওঁক , ফটোখনত দেখাৰ দৰে প্ৰায়ে এনেকুৱা দুজনমান মানুহ দেখিবলৈ পোৱা যায় । কেতিয়াবা কাৰোবাৰ হাতত দুটামান অমিতা থাকে, কেতিয়াবা শাকৰ মুঠি কেইটামান বা কেতিয়াবা আকৌ ঔ টেঙা দুটামান । এওঁলোকে শাক-পাচলিৰ বেপাৰ নকৰে। নিজৰ বাৰীতে হোৱা অমিতা দুটা বা লাও দুটা বিক্ৰী কৰি নিজৰ সাধাৰণ অভাব খিনি পুৰণ কৰে । যেনে ধৰক আজি লাও দুটা বিক্ৰী হ'লেহে সন্ধিয়া ঘৰলৈ চাউল মুঠি যায় বা ঢেকীয়া যদি গোটেইখিনি বিক্ৰী হয় তেতিয়া সৰু ল'ৰাটোলৈ আজি গেঞ্জী এটা নিব পাৰিব । সেইবাবে এওঁলোকৰ বস্তুবোৰ কিনক , আৰু তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথা এই যে বিগ বজাৰত কিনা সেই স্বাস্থ্যসন্মত শাক-পাচলি বোৰতকৈ কিন্তু বহুগুণে উন্নত এওঁলোকৰ বোৰ  । কাৰণ এওঁলোকে  ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে ।

                  সেইবাবে সকলোলৈকে মোৰ এটা বিনম্ৰ অনুৰোধ, এওঁলোকৰ লগত বস্তুবোৰৰ দাম-দৰ নকৰিব । যদি এমুঠি ঢেকীয়া শাকত পাঁচ টকা বিচাৰিছে তেন্তে তিনি মুঠি লৈ দহ টকা নিদিব । পাৰিলে তিনি মুঠিত পোন্ধৰ টকাৰ ঠাইত বিশ টকা দিয়ক । কাৰণ আপোনাৰ বিশ টকাত তেওঁলোকৰ বাবে সেইদিনাৰ চাউল, দালি ,তেল, নিমখকে ধৰি পূজা-বিহুত ল'ব লগা নতুন কাপোৰ এযোৰৰো সপোন লুকাই থাকে ।

                তেওঁলোকৰ সৰু সৰু সপোন বোৰ পূৰণ কৰাত আপুনিও অংশীদাৰ হওঁক ।

মানস জ্যোতি

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী