চাৰি মুঠি চাউল কৰি সিজাম
তই ভালপাওঁ বুলি ক'লি
মানি ল'লো
এদিন আঁতৰি গ'লি
বুজি পালো,
মাথো বুজি নাপালো
কেতিয়া মই তোৰ
প্ৰেমিক আছিলো
আৰু কেতিয়া নাছিলো !
শব্দৰ তৰংগত তই নাছিবলৈ
শিকিলি
অবুজ ভাষাৰ আশাত ঘৰ
সাজিলি!
ভুল বুজিলি পাহৰিলো বুলি
তোক
বুজি নাপালি মোৰ আত্মাৰ
ভোক ।
জানো মই
মৃত্যুৰ বাটেদি একো নাই পাবলৈ
তথাপিও হেতেলিত শুই বৰফৰ
কৌটিলতা
সৈন্যাসীৰ ব্ৰিথা বকুল
ব্যাকুলতা
মই এতিয়াৰ পৰা
চাৰি মুঠি চাউল কৰি সিজাম ।।
Comments
Post a Comment