কাহিনী-কাহিনী লগা সঁচা ঘটনাটো

               সেইদিনা আছিল 8 এপ্ৰিল/2017 শনিবাৰ ।  IBC -24 নামৰ ছত্তীশগড়ৰ নিউজ চেনেল এটাৰ নিউজ এংকৰ সুৰপ্ৰীত কৌৰ । পূৱাৰ বাতৰি পঢ়ি আছিল সুৰপ্ৰীতে । আগদিনা হৈ যোৱা কোনোবা এখন ৰাজ্যৰ কেবিনেটৰ মন্ত্ৰী এজনৰ খবৰ দি আছিল । হঠাতে আহিল এটা ব্ৰেকিং নিউজ । পিথাৰা নামৰ এখন  ঠাইত   পথ দুৰ্ঘটনা । তাৰ স্থানীয় সংবাদদাতা জনৰ লগত ফোনৰ লাইনত সংযোগ কৰা হ'ল । এখন ডাষ্টাৰক বেলেগ এখন গাড়ীয়ে আহি খুন্দা মৰাৰ ফলত ডাষ্টাৰখনৰ 3 জন আৰোহী নিহত হৈছে  আৰু বাকী 2 জন গুৰুত্বপূৰ্ণ ভাবে আহত হৈছে ।ফটো ভিজুয়েলো দেখুওৱা হ'ল ।  IBC -24 ৰ ষ্টুডিঅ' ট বহি থকা সুৰপ্ৰীতে একেৰাহে শুধি গ'ল ইটোৰ পাছত সিটো প্ৰশ্ন । সংবাদদাতা জনে ঘটনাস্থলীৰ পৰা এটা এটা কৈ সকলো প্ৰশ্নৰ উত্তৰ দি গ'ল। চেনেলটোৱে এক্সক্লুচিভ দেখুৱাৰ বাবে TRP পালে আৰু দৰ্শকে এটা ব্ৰেকিং নিউজ। সুৰপ্ৰীতৰ নিউজ পঢ়ি শেষ হ'ল । স্কীনত এটা বিজ্ঞাপন বাজিল। কিন্তু এয়া কি ? সুৰপ্ৰীতে বহি থকা চকী খনৰ পৰা ঢলি পৰিল। কিছু সময়ৰ  আগলৈকে বাতৰি পঢ়ি থকা সুৰপ্ৰীত কান্দি কান্দি আউলী-বাউলী হ'ল । কোনোৱে একো ধৰিব নোৱাৰিলে । ষ্টুডিঅ' ত থকা কোনেও একো গম পোৱা নাছিল আঁচলতে হ'ল কি ? সেই সময়তে সুৰপ্ৰীতৰ মোবাইল টো বাজিল, মাকৰ ফোন আছিল ।সতীৰ্থ এংকৰ জনে ফোন টো ধৰিলে ।

               তেতিয়াহে কথাটো পোহৰলৈ আহিল ।  অলপ আগৰ ব্ৰেকিং নিউজটোৰ বাবে তেওঁ কান্দিছে । স্থানীয় সাংবাদিক জনক সোধা প্ৰশ্নৰ উত্তৰ বোৰত সুৰপ্ৰীতে সকলো বোৰ গম পাইছিল । ফটো ভিজুয়েল টোৱে নিশ্চিত কৰিছিল ।  কিন্তু নিউজটো শেষ নোহোৱালৈকে নিজকে সংযম কৰি ৰাখিছিল সুৰপ্ৰীতে ।

               আঁচলতে সেই সময়ত সুৰপ্ৰীতে  পঢ়ি আছিল নিজৰ স্বামীৰ মৃত্যু হোৱাৰ বাতৰি । এনে সাংবাদিকো আমাৰ ভাৰতবৰ্ষতে আছে ।অামাৰ নপতা ফুকণ, পাবত গজা সাংবাদিক বোৰে ঘোলা কৰা পানী খিনি আকৌ এবাৰ সুৰপ্ৰীত কৌৰে নিকা কৰি দিলে। তেওঁৰ এই কাৰ্য বিশ্ব-সাংবাদিকতাৰ ইতিহাসত এক উদাহৰণ হৈ ৰৈ গ'ল ।  আমাৰ অসমৰ সাংবাদিক সকলে (সকলো নহয়) এনে সাংবাদিকৰ পৰা শিকক। ভাৰতবৰ্ষৰ প্ৰতিটো নিউজ চেনেলত এনে "সুৰপ্ৰীত কৌৰ" এজনকৈ হ'লেও থাকক । চেনেল সমূহৰ মালিক পক্ষ বোৰ নিৰপেক্ষ হওক। তেতিয়া দেখিব সাংবাদিকতাৰ 'হালধীয়া' ৰুপটো নোহোৱা হৈ গৈছে । সুৰপ্ৰীত কৌৰৰ স্বামীৰ লগতে দুৰ্ঘটনাটোত পৰলোকগামী হোৱা আটাইকেইজনৰে চিৰশান্তি কামনা কৰিছো ।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী