বেশ্যা

বেশ্যা
------------
সৌজনীলৈ চোৱাহঁক
মূগা বৰণীয়া চুলিৰ কি উৎকট বাহাৰ
দেহৰ ঊধ্বাংশত কি যে এক অদ্ভুত সমাহাৰ,
মাইক্ৰ-ছাইজৰ আচ্ছাদন
খোজেপতি উফাল মাৰিছে
খোজেপতি চক-ছালি ধৰিছে
সোতৰ বছৰীয়া স্তন দুটা ওফন্দি উঠিছে
চাবও নোৱাৰি-নাচায়ো নোৱাৰি,
পেন্টটো জোখতকৈ কেইবা চাইজ সৰু
তানপুৰা আকাৰৰ টিকা দুটা আৰু উৰুহাল
উহ কি যান্ত্ৰনা পাইছে পেন্টটোৱে,
কি উপমা খাটিব বাৰু এইৰ লগত !
কি খাটিব ?
সেই জেকুলিন ছুজেন নামৰ পৰ্ণ লেখিকাজনীৰ কথাৰে
"সংগমোদ্যত হস্তীৰ জননেন্দ্ৰীয়"
তাইৰ জিন্ ছ ফাতি মঙহাল আৰু উৰু যুগল ওলাই আহিব ।

ঘোৰ ক'লা আচ্ছাদনৰ মধ্যাংশত
তাইৰ শুভ্ৰ নাভিমণ্ডলৰ পৰা বহু তললৈ
দেহৰ এছোৱা প্ৰকত হৈছে
দুৰ্বাৰভাবে,
ওঁঠ দুটাত ঘোৰ কৃষ্ণ বৰ্ণৰ প্ৰলেপ সানিছে
ক্ষুদ্ৰ চে'ল ফ'নত তাই কাৰোবাৰ লগত বাৰে বাৰে কথা পাতিছে ।

তাই মেনকা,ৰম্ভা নে উৰ্বশী
তাইৰ এটা বয়ফ্ৰেণ্ড আছে ।
এতিয়া ভব্য-গব্য দুচকীয়া বা চাৰিচকীয়া বাহন এখন আহিব
তাতে উঠি সিহঁত হাল ক'ৰবালৈ উধাও হ'ব,
ইঁহতহালেই নেকি জেনেৰেচন এক্স !

ৰ'ব ৰ'ব ভুল নকৰিব
তাই বয়ফ্ৰেণ্ডৰ লগত সময় কটাবলৈ ওলাই অহা নাই
তাইৰ বয়ফ্ৰেণ্ড মুম্বাইত থাকে
কিবা এটা বিদেশী কোম্পেনীত চাকৰি কৰে,
কিন্তু এতিয়া যে পতককৈ তাই  গুছি গ'ল
ই কোন ?
ইঁহত হালেই নেকি 'অমিতাভ ঘোষৰ'
সেই এক্স ৱাই,' এক্স এক্স (XY,XX) ক্ৰম'জম ফৰমুলাৰ
নায়ক নায়িকা দুগৰাকী !
ইঁহতহালেই নেকি বহিঃদুনিয়াৰ লগত সংশ্ৰব নথকা
সেই বেশ্যা দুটা !

যদি হয়, তেন্তে,'
ইঁহতবোৰৰ মাজত থাকে এক প্ৰফেচনেল ডীল
কোনো আবেগ-কাতৰতা নথকা এক উলংগ দেহৰ খেল,
ইঁহতবোৰ একো একোটা লেতেৰা আবৰ্জনা
এখন বেলেগ দুনিয়াৰ বাসিন্দা ।।
___________________________________________

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী