জোনাকৰ গান
জুপুৰিৰ জলঙাৰে
জিলমিল এজাক
কণ কণ পোহৰে
এন্ধাৰৰ কাজলৰঙী আঁচলত
গুটিফুল বাচিছে নীৰবে ।
জোনাকত গা ধুই চামেলীহঁতে
গুণগুণাইছে জীৱনৰ গান
কোনোবা এক শ্ৰমিক চুবুৰিত
আপোনজনৰ মংগল কামনাৰে
অন্তৰেৰে কৰিছে মিনতি
গুণগুণাই আৰম্ভ কৰিছে সুৰৰ আৰতি ।
মাদলৰ তালে তালে
এদল মজদুৰে নাচে
সেউজী পাতৰ আঁৰে আঁৰে
জোনাক যেতিয়া নামে ।
জিলমিল এজাক
কণ কণ পোহৰে
এন্ধাৰৰ কাজলৰঙী আঁচলত
গুটিফুল বাচিছে নীৰবে ।
জোনাকত গা ধুই চামেলীহঁতে
গুণগুণাইছে জীৱনৰ গান
কোনোবা এক শ্ৰমিক চুবুৰিত
আপোনজনৰ মংগল কামনাৰে
অন্তৰেৰে কৰিছে মিনতি
গুণগুণাই আৰম্ভ কৰিছে সুৰৰ আৰতি ।
মাদলৰ তালে তালে
এদল মজদুৰে নাচে
সেউজী পাতৰ আঁৰে আঁৰে
জোনাক যেতিয়া নামে ।
Comments
Post a Comment