মই এক অসহায় কঙাল কবি

মই এক অসহায় কঙাল কবি

তুমি মোক সৰ্বহাৰা কৰাৰ পৰা
মই মাথোঁ কবিতাকে লিখি আছো ।

প্ৰতিটো শব্দই মোৰ আত্মা নিকা কৰে
প্ৰতিটো শব্দই মোৰ সত্তাক ভাস্কৰ কৰে ।

মই এক অসহায় কঙাল কবি
হঠাৎ স্তব্ধ হে যাওঁ

মোৰ শব্দৰ ভঁৰাল উদং হৈ যায়
মগজুৱে শব্দ বিচাৰি হাহাকাৰ কৰে,
কবিতাৰ সন্ধানত
শব্দকোষ এখন চালাথ কৰে ।

কেতিয়াবা
মোৰ শব্দ সম্ভাৰ শইচৰ শিপাত প্ৰোথিত হৈ থাকে
অনুভূতিবোৰে নিঃস্ব বুকুতে গুজৰে গুমৰে ।
_____________________________________________

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী