ভালপোৱানে মোক
কবিতাটো এটা বেঙ্গলী কবিতাৰ আধাৰত লিখা
ধৰা, কাইলৈ তোমাৰ পৰীক্ষা
ৰাতি জাগি থাকি তুমি পঢ়িবা,
টেবুলত বহি আছা
টোপনি অাহিছে তোমাৰ,
হঠাৎ ভয়ে ভয়ে মই তোমাক যদি সোধো
ভালপোৱানে মোক ?
তুমি কি মোক তেতিয়া খং কৰিবা
নে জোৰেৰে সাবটি ধৰি ক'বা
অ মই তোমাক ভাল পাওঁ ৷৷
ধৰা, তুমি ক্লান্ত
স্কুলৰ পৰা মাত্ৰ আহিছা,
পিয়াহ লাগিছে তোমাৰ
টেবুলত পানীৰ বটলটো পোৱা নাই,
হঠাৎ মই তোমাৰ চকুত চকু থৈ যদি সোধো
ভালপোৱানে মোক ?
তুমি কি বিৰক্ত হ'বা
নে মোৰ হাতত হাত থৈ ক'বা
অ মই তোমাক ভালপাওঁ৷৷
ধৰা, দুয়োটা একেলগে শুই আছো
এইমাত্ৰ টোপনি আহিছে তোমাৰ,
মই এটা বেয়া সপোন দেখিছো
হঠাৎ সাৰ পায় যদি সোধো
ভালপোৱানে মোক ?
তুমি কি শুইয়ে থাকিবা
নে এটা কঁপালত চুমা আঁকি ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
ধৰা ৰাস্তাত খোজকাঢ়ি গৈ আছো দুয়োজন
প্ৰচণ্ড ৰ'দ
চকু মেলিব পৰা নাই,
এখনো গাড়ী নাই
হঠাৎ যদি ৰাস্তাৰ মাজত
আঠু লৈ হাতত ধৰি সোধো
ভালপোৱানে মোক ?
তুমি কি হাতটো এৰুৱাই গুচি যাবা
নে সকলোৰে আগতে মোক সাৱটি ধৰি ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
ধৰা চেভ কৰিছো মই
ব্লেডখনে অকনমান কাটিলে,
আঙুলিৰে তেজৰ বিন্দু এটা লৈ
তোমাক শিৰত আঁকিব খুজি যদি সোধো
ভালপোৱানে মোক ?
তুমি কি আঁতৰি গুচি যাবা
নে চকু দুটা মুদি ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
ধৰা তুমি খুব অসুখত
জ্বৰত তোমাৰ কপাল পুৰি গৈছে
মুখত কোনো ৰুচি নাই,
কপালত ৰুমালেৰে পানী টুকি টুকি যদি সোধো
ভালপোৱানে মোক?
তুমি কি মুখ খন আনফালে ঘুৰাই দিবা
নে এটা মিঠা হাঁহিৰে মোক ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
ধৰা তোমাৰ লগত মোৰ কাজিয়া লাগিছে
খংত ঘৰৰ পৰা ওলাই যাব ওলাইছা,
মই তোমাক বাধা দিছো
তুমি মনা নাই
হঠাৎ যদি মই তোমাক সোধো
ভালপোৱানে মোক ?
তুমি কি সঁচাকৈ গুচি যাবা
নে মোক জোৰেৰে সাৱতি ধৰি ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
ধৰা আজি মোৰ একো নাই
সকলো বিধাতাৰ দান
সকলো লৈ গ'ল
ঘৰ, মাটি, বাৰি সকলো
সেই সময়ত তোমাৰ ভৰিত মুৰ থৈ যদি সোধো
ভালপোৱানে মোক ?
তুমি কি গুচি যাবা
নে মোৰ মুৰত হাত বুলাই বুলাই ক'বা
অ মই তোমাক ভালপাওঁ ৷৷
Comments
Post a Comment