দদাইদেউ অ', তই ওলাই আহঃ

দদাইদেউ অ', তই ওলাই আহঃ

দদাইদেউ অ' তই ওলাই আহ
আজি তোক বৰকৈ প্ৰয়োজন হৈছে আমাৰ

ল'ৰা-ছোৱালীবোৰক আজি কুকুৰ মেকুৰীৰ দৰে মাৰে
মানৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি মণিৰাম-পিয়লীক ফাঁচি দিয়া
অনিল মোজামিলৰ হত্যাৰ পৰা খৰ্গেশ্বৰ হত্যা
মেঘ অনিৰ্বাণৰ পৰা হীৰকজ্যোতিলৈ
আনকি সৌ সিদিনা ৰহাৰ মিন্তু দেউৰী
সকলোবোৰ দেখোন তোৰেই ককাই-ভাই

জানো দদাইদেই ৰজাই হাবিলৈ যোৱা বাটবোৰত ভেটা
দিছে
তথাপি তই ওলাই আহ
বগাই বগাই হ'লেও আহ
চুঁচৰি বাগৰি হ'লেও আহ

তই বুলেট কামুৰি শপত খোৱা দিনৰ পৰা
নদীৰ বুকুৱেদি সূৰ্য নামিব বুলি ৰৈ আছোঁ
শাণে কটা ভোকে দুঃখে উচুপি
বিপন্ন সময়ত নিৰন্ন টোকাৰী বাইছোঁ

এতিয়া বতাহৰ দিশত মানুহ বলিছে
ৰজাঘৰীয়া বোৰে এখন ৰুটীৰ বাবে খঙাল কুকুৰৰ দৰে ভুকিছে

শুকান স্তনত মুখ গুজি কি সপোন দেখিব আমাৰ শিশু বোৰে
পিতায়ে হেৰুৱাই পেলোৱা তোৰ সপোনৰ পথাৰখনত

সেইবাবে কৈছোঁ দদাইদেউ, তই ওলাই আহ

নিশা নামিলেই এতিয়া কোনো মানুহৰ মুখ চিনিব নোৱাৰি
দৌৰ চলে________
কিমানটা চয়তানে কিমানজনী গাভৰুক নগ্ন কৰিব পাৰে
কিমানটা চয়তানে ঘাটকৰ দৰে ৰাঙলী কৰিব পাৰে

তই বাৰু তাৰ খবৰ ৰাখ'নে ?

এইবাৰ ফাগুনত গছবোৰে আকৌ নতুন চোলা পিন্ধিছিল
জালিগাঁতত জুমুঠি জ্বলাই
তোৰ বাবে ৰৈ আছিলো- আহিবি বুলি
এইবাৰো নাহিলি

শুনচোনঃ
ফাগুনৰ পিছত বাগিছাবোৰত ফুল ফুলিছে
কিন্তু চাৰিবেৰত জেওৰা জপনা নাই
গেডাবোৰে গৰুৰ দৰে আহি ফুলবোৰ খায়

দদাইদেউ অ' পাৰিলে আকৌ এপাক আহ
বয়সেও ভাটি দিছে নহয় তোৰ
পিছলৈ যুঁজিব' নোৱৰা হবিগৈ

তই আহিম বুলি ক'লে
হাবিৰ বাটবোৰত আমি জুম বান্ধি ৰৈ থাকিম
আয়ে শালত কাটি বোৱা গামোছা পিন্ধাই আদৰি আনিম
কিমানক মাৰিব-ৰজাই
এদিন নিজে ভাগৰি পৰিব

তই আহিলে
আমিবোৰে সূৰুযৰ দিশতে গতি কৰিম
তোৰ লগত  ।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী