বৰষুণ জাক অহাৰ কথা আছিল
বৰষুণ জাক অহাৰ কথা আছিল
আজি তেওঁ ব্যস্ত আছিল
টিলাটোৰ সিপাৰে
এটা পখিলা খেদি খেদি ।
বৰষুণ জাক অহাৰ কথা আছিল,
মনবোৰ জীপাল হোৱাৰ কথা চলিছিল ।
আজি আন্ধাৰ নিশা আকাশত তৰা নাছিল
জোনবাইয়ো মাকৰ ঘৰলৈ বিহু খাব গৈছিল,
পচোৱা জাকেও ক'ৰবাত হুঁচৰি মাৰিছিল
আৰু মই পদূলিতে বৰষুণ জাকলৈ ৰৈ আছিলো,
কাৰণ বৰষুণ জাক অহাৰ কথা আছিল ।
পথাৰ খনৰ সিপাৰে তেওঁৰ সুহুৰি শুনিছিলো
পাৰ হৈ নদীখন তেওঁতেই বিলীন হৈছিলো ।
তেওঁ আজি বহুত কথা পাতিব
কজলা হৃদয় ৰঙা হে যোৱালৈকে
পুৱাৰ গোলাপ ফুলালৈকে ।
মই কজলা পৰাৰ আগতে নীলা আছিলো
মোৰ দিনলিপিত মাথো তাকেই লিখিছিলো ।
তেওঁ নীলা ভালপায়
আৰু মই যেন নীলিম আকাশ
তেওঁ পথাৰ ভালপায় সেইবাবে মই যেন সোণোৱালী আঘোণ হৈছিলো ।
"অপেক্ষাৰ অন্তত বৰৰষুণ জাক আহিল
টোপালবোৰ জোনাকী হৈ বুকুতে সৰিল।"
মোৰ ভোকাতুৰ দুচকুত আজি সপোনৰ আগমনী
মোৰ চোতালত ভাহিছে শেৱালীৰ সুগন্ধি,
আজি মোৰ অপেক্ষাৰ অন্ত পৰিল
এজাক হেঁপাহৰ বৰষুণত মন বোৰ জীপাল হৈ উঠিল ।
অৱশেষত বৰষুণ জাক আহিল ।।
________________________________

Comments
Post a Comment