শব্দৰ বৰষুণ

হৃদয়েদি বয়
শব্দৰ এখনি নৈ
এগৰাকী চঞ্চলা গাভৰু হৈ,
কবিতাই গা ধোৱে তাত
মনে মনে ,কোনেও নজনাকৈ ।

কবিতাই হৃদয়ৰ কোঁহে কোঁহে
যৌৱনৰ সমল বিচাৰে
স্বপ্নঘাটত জ্বলা-কলা হৈ
চিঞৰি ফুৰে
পৰ্বতে নদীয়ে, আকাশে বতাহে ।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী