নমামি


সেয়া আছিল ১৪৪৪ শক (১৫২২ খ্ৰীষ্টাব্দ)। এই সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দূৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই গুৰুজনাৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপস্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ’ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল। গুৰুজানি নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে.

একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ'ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ ল'লে।

মহাপুৰুষ গৰাকীয়ে যাৰ বাবে ১৪ শতিকাতে পূজা- পাতল,যজ্ঞ,তন্ত্ৰ- মন্ত্ৰৰ বিৰোধিতা কৰি একেশ্বৰ বাদ প্ৰতিষ্ঠা কৰি অসমীয়া জাতিক অন্যৰূপত নিৰ্মান কৰিথৈ গৈছে এই বিশ্বৰ বুকুত ৷ যি দৰ্শণক আমি "এক দেউ এক সেউ " বুলি কওঁ ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে,আজিৰ এই গেৰুৱা চৰকাৰখনৰ দিনত "নমামি ব্ৰহ্মপুত্ৰ " উৎসৱ আয়োজন কৰি হৰিদ্ধাৰৰ পৰা পূজাৰী আমদানি কৰি শংকৰ দেৱৰ দৰ্শণক এক প্ৰকাৰে হত্যা কৰা হোৱা নাইনে বাৰু ? শংকৰ দেৱ গুৰুজনা নিৰ্মান কৰা বৰঘৰতে,  এক প্ৰকাৰে  অপমান কৰা হোৱা নাইনে বাৰু ?

(বিতৰ্কৰ বাবে নহয়, মনৰ ভাবটোহে কৈছো, হয়তো মই ভুল)

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী