আশাবোৰ ভাষা হোৱাহেঁতেন


___________________________

আশাবোৰ ভাষা হোৱাহেঁতেন
চাল্লা লিখিয়েই পেলালোহেঁতেন,
কুমলীয়া বা তপত শব্দৰ
আখল পাতিলোহেঁতেন ।

আশাবোৰক ভাষা কৰি
উজাই-ভটিয়াই
ভটিয়াই-উজাই
পাগুলি-পাগুলি,
অভিধানৰ অভিমন্যু বেহুৰ পৰা
টানি-আজুৰি
ঠেলি-হেচুকি
গতিয়াই-লঠিয়াই অনা,
কমাৰশালত পিটি পিটি চিধা কৰা,
এটা এটা অনুভৱৰ শব্দৰে
নিপোটল কবিতা এটাৰ বুকুত
সাতোৰঙী সাজ পিন্ধালোহেঁতেন ।

মোৰ আশাবোৰক
কবিতাৰ ভাষা দিলোহেঁতেন ।

চাল্লা আশাবোৰ ভাষা হোৱাহেঁতেন ।।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী