কবিতা চৰ্চ্ছাৰ কিছু কথা
কবিতা আৰু ন-কবি-আমি একেখন নাৱৰে যাত্ৰীঃ
কথাটো ব্যক্তিগত ভাবে নল'ব । কাৰন আমি একেখন নাৱৰে যাত্ৰী ।
কবিতা অকল কলাই নহয়, ই জীৱন জগতৰ ভাষা কোৱা শিল্প । জগতখনৰ লগত সম্পৰ্ক ৰখাৰ ইয়ো এক সহজ উপায় । মানুহৰ মুখৰ শব্দ সমষ্টিৰ শিল্প সিদ্ধ ৰূপেই কবিতা । ৰহস্যময় জগতখনৰ প্ৰতিটো বস্তু, প্ৰতিটো ঘটনা পৰিঘটনাই মানুহৰ অৰ্ন্তৰজগতত অহৰহ ক্ৰিয়া কৰি থাকে, এটা মুহূৰ্তত শৃংখলিত ৰূপত বৰ্হি প্ৰকাশ ঘটে । এই বৰ্হি প্ৰকাশত ৰূপ লাৱন্য ব্যঞ্জনা আৰু সংগীত থাকে । এই আটাইবোৰৰ সমাহাৰত পৰিষ্ফুট হয় এটা শব্দ-এয়ে কবিতা ।
আজিকালি ফেচবুকত সকলোৱে কবিতা লিখে । কিছুমান কবিতাত শব্দশৃংখল ইমানেই বেয়া যে পঢ়িবই নোৱাৰি । এই কথাটো যদি মোৰ দৰে এজন সাধাৰন লিখকৰ চকুত পৰে তেনেহ'লে ভাবি চাওকচোন হৰেকৃষ্ণ ডেকা চাৰ, সুৰেন গোস্বামী চাৰৰ দৰে ডাঙৰ ডাঙৰ লিখকে ফেচবুক ব্যৱহাৰ কৰে । এনেকুৱা কবিতা বোৰ পঢ়িলে তেওঁলোকে কিমান মনোকষ্ট পাই ।
মহান শিল্প নিৰৱচ্ছিন সাধনাৰ ফল । বিশ্ববন্দিত ফৰাচী চিত্ৰকৰ 'লিঅ'নাৰ্ডো ডা ভিন্সি'ৰ অবিস্মৰণীয় চিত্ৰ 'মনালিছা' আৰু 'লাষ্ট চাপাৰ' ৰাতিটোৰ ভিতৰৰে ফল নহয় ।
দুটা কথাঃ
(ক) যি কবিতাত কোনো ইংগিত নাথাকে , পাঠকৰ মনত স্পন্দন তুলিব নোৱাৰে, তেনে ৰচনা লেখকৰ আত্মবিবৃতিৰ বাহিৰে একো নহয় । কবিতা ৰহস্য ময় যদিও, ই শব্দৰ খেল বা যাদু নহয় ।
(খ) জীৱন ছন্দময়, শিল্পময় কৰিবলৈ আমাক কবিতা লাগে । কোনো কবিতাৰ বক্তব্য নান্দনিক ভাৱে সমৃদ্ধ হৈয়ো যদি সমাজ জীৱনৰ ওপৰত প্ৰভাব পেলাব নোৱাৰে তেনে কবিতাৰ মানদণ্ড সদায়ে নিম্নস্তৰৰ।
সেয়েহে মোৰ দৰে নতুন কবি সকলক অনুৰোধ জনাইছোঁ যাতে যিমান পাৰে ওপৰোক্ত কথা দুটি মানি চলিব'লৈ চেষ্টা কৰে । কবিতাই অকল বিহুৱান বলেই নহ'ব। বিহুৱান বোৱা শিপিনীৰ দুখ আৰু জীৱন গাথাঁও প্ৰতিফলিত কৰাৰ উপলব্ধি থাকিব লাগিব। কবিৰ এইয়া সামাজিক দায়িত্ব।কবিতাৰ চৰ্চা কৰিলে সমাজৰ প্ৰতি দায়বদ্ধ হৈ মানুহৰ বিবেক আৰু চেতনাত চুই যোৱা কিছু কবিতাৰো কচৰৎ কৰিব লাগিব । দায়িত্বশীল পাঠক হিচাপে মোৰ দাবী। প্ৰেমৰ কবিতা লিখক , কিন্তু প্ৰেমৰ উৰ্ধলৈ এখাপ আগুৱাই গৈ কিছু পাঠকক চিন্তাৰ খোৰাক দিব পাৰিব লাগিব ।
কথাতো কোনেও ব্যক্তিগত ভাৱে নল'ব কাৰন আমি একেখন নাৱৰে যাত্ৰী। আমিবোৰৰ প্ৰচেষ্টা অৱ্যাহত থাকিলে নিশ্চয় অসমীয়া কাব্য জগতখন দেশ কালৰ সীমা পাৰহৈ জিলিকি থাকিবলৈ সক্ষম হব ।
আকৌ কৈছোঁ, "আমি একেখন নাৱৰে যাত্ৰী ।"
Comments
Post a Comment