যোৱা ৰাতি মেঘে গাজিছিল
যোৱা ৰাতি মেঘে গাজিছিল,
তুমি কৈছিলা মেঘে গাজিলে তোমাৰ ভয় লাগে
মই কৈছিলো ভয় নকৰিবা, মেঘৰ এটা সুকিয়া সত্তা আছে
তুমি কৈছিলা ধুমুহাও আহিছে
মই কৈছিলো ধুমুহাৰ লগত সদায় বৰষুণ থাকে ,
তুমি কৈছিলা তুমি তিতিবা
মই কৈছিলো নিতিতিবা, বেমাৰ হলে চাব কোনে,
তুমি কৈছিলা বৰগছৰ তলত মেলা বহিছে
মই কৈছিলো নাযাবা, বাটত এদল কুকুৰ আছে
তুমি কৈছিলা বগা হাঁহ জনিয়ে দিনৌ কনি পাৰে
মই কৈছিলা মাইনাক নুখুৱাবা, তাই সৰু হৈ আছে,
তুমি কৈছিলা কাজলিয়ে গাখীৰ নিদিয়া হল
মই কৈছিলো একো নহয় দিয়া, মাইনায়ো ভাত লব পৰা হল,
তুমি কৈছিলা পদুমৰ লগ হৈ চাদৰ লগাইছা
মই কৈছিলোঁ ৰঙা পাৰি লগাবা,
তুমি কৈছিলা মই কেতিয়া আহিম
মই কৈছিলো যুদ্ধ খন শেষ হব লাগিব নহয়,
তুমি কৈছিলা মাইনাই আজিকালি বিচাৰে
মই কৈছিলোঁ তাইক কবা, দেউতা তোৰ কাৰগিলত আছে,
তুমি কৈছিলা বৰষুণ জাক এৰিছে
মই কৈছিলোঁ শুই যোৱা, ৰাতি পূৱাব ধৰিছে ৷
তুমি কৈছিলা মোলৈ মনত পৰিছে
মই কৈছিলো যুদ্ধ ৰ পিচতেই গৈ আছো ৷
তুমি কৈছিলা কিহৰ শব্দ হৈছে এইবোৰ
মই কৈছিলো তেজৰ ফাকু খেলাৰ শব্দ ৷
মই কৈছিলো এতিয়া মই ৰাখিব লাগিব
মোৰ কামান্দ আহিছে
তুমি কৈছিলা নাৰাখিবা
আৰু অলপ কথা পাতা ৷
মই কৈছিলো মই যাবই লাগিব
তুমি কান্দিছিলা ৷
এনেদৰেই বাৰুদৰ শব্দ বোৰ ডাঙৰ হৈছিল
মই তোমাক লাহে লাহে নুশুনা হৈ গৈছিলো ৷৷৷৷
Comments
Post a Comment