মোৰ কবিতাৰ প্ৰেমত পৰা ছোৱালীজনী
এক বাস্তব সত্য
মোৰ কবিতা ভালপোৱা ছোৱালীজনী
তাই,
জীৱনৰ কাঁইটীয়া বাটত বোলে
মোৰ কবিতাৰ পৰা সঁহাৰি পায় ।
বাহ্ শুনিয়েই কিবা এটা ভাল লাগে,
'কাৰোবাৰ ওঁঠত হাঁহি বিৰিঙাব পৰাকৈ
কবিনে মই ! '
বাস্তবৰ আগত তাইৰ সপোনবোৰ
ভাঙি চূৰমাৰ হৈছিল,
তথাপি তাই জীয়াই আছিল
অনুভৱৰ তাগিদাত ।
সপ্তমত তাই ধৰ্ষিতা,
স্নাতক শেষ নৌ হওঁতেই
তাৰেই লগতে বিয়া,
সপোনবোৰে মনত পাগুলিব ধৰোতেই
তাই অন্তসত্বা ।
তথাপি তাই মৰিব নোৱাৰে
কাৰণ,
"তাইৰ চকুত, তাইৰ ছোৱালীজনী সাৰে থাকে। "
মোৰ কবিতা পঢ়ি তাই কয়,
তাই মোৰ কবিতাৰ প্ৰেমত পৰিছে,
মাজে মাজে আকৌ কয়
মোৰ কবিতাই বোলে জীয়া ছবি আঁকিছে ।
তাই মোক কয়,
"জীৱন এক যাত্ৰা-গতি কৰিছোঁ' "
"জীৱন এক প্ৰতীজ্ঞা-পালন কৰিছোঁ' "
"জীৱন এক প্ৰবাহ-মিলি গৈছোঁ' "
বাহ্ চাব্বাছ,
মানুহে জীৱনৰ সংজ্ঞা
তোৰ পৰা শিকক ।
তই দেখোন জীৱনৰ সংজ্ঞাই সলনি কৰি দিলি ।
কিন্তু উপভোগ ?
উপভোগৰ সংজ্ঞা দিওঁতে তই পিছলি
নপৰিলিনে?
মই কওঁ শুণ,
"জীৱন এক ৰোমাঞ্চ-উপভোগ কৰ। "
"জীৱন এক উলাহ-আনন্দ কৰ। "
"জীৱন এক পৰিৱেশ-উদ্ যাপন কৰ। "
আৰুনো কি ক'ম তোক !
তোৰ অযুত সপোনবোৰ পূৰ্ণ হওঁক,
হীৰুদাৰ কবিতাৰ দৰে সুখৰ হওঁক,
বৰষুণৰ বতৰত
তহঁতৰ মৰমবোৰে বোকা খেলক ।।
মোৰ কবিতা ভালপোৱা ছোৱালীজনী,
কবিতাৰ প্ৰেমত পৰি,
মোৰ প্ৰেমত নপৰিবি ।।
_______________________
Comments
Post a Comment