মই এগৰাকী প্ৰেমিকাৰ সন্ধানত আছো
মই এগৰাকী প্ৰেমিকাৰ সন্ধানত আছো
মনে বিচাৰিলে,
তুমি হব পাৰো মোৰ প্ৰেমিকা ।
তুমি সুধিলে মই কব পাৰো
আজিকালি মই চিগাৰেট নাখাওঁ ,
শান্তি মোৰ দেউতাৰ প্ৰিয় শব্দ
আৰু সেউজীয়া আমাৰ জীৱনৰ ৰং ।
তুমি ভাল পাব পাৰা মোৰ ঘামৰ গোন্ধ।
তুমি চুই চাব পাৰা মোক
আৰু পঢ়ি চাব পাৰা,
মোৰ আঠাইছ টা অতীত বসন্ত।
তুমি নিচিন্তে থাকিব পাৰা
কিয়নো দেশপ্ৰেম বন্ধকত থৈ
সংগ্ৰামী সৈনিক হোৱাৰ লালসা মোৰ নাই ।
তুমি কাহানিও পাৰ কৰিব নালাগিব উজাগৰী নিশা
কিয়নো কিছুমান সস্তীয়া কথাক লৈ
মাতাল হোৱাৰ অভৄাস মোৰ নাই ।
তুমি যাব নালাগে
শাওনৰ পথাৰত ৰুবলৈ,
আঘোণত দাবলৈ ।
তুমি সপোন দেখিব পৰা
আকাশ চোৱাৰ সপোন ।
অ, তুমি মোক বুজি উঠিলে
নিশ্চয় কৈ কব পাৰিম
ৰং ভালপাওঁ
নীলা, সেউজীয়া
আৰু ভালপাম তোমাক ,
যদিহে তুমি হোৱা মৰমৰ অন্য নাম ।
মই এএগৰাকী প্ৰেমিকাৰ সন্ধানত আছো
মনে বিচাৰিলে,
তুমি হব পাৰা মোৰ প্ৰেমিকা ॥
Comments
Post a Comment