এটা ভ্ৰুণ আৰু তাৰ মৃত্যু

আঙুলিৰ গাঠীত একুট দুকুট কৈ
গণিব ধৰিছো প্ৰেম আৰু ভালপোৱাৰ,
এটা ভ্ৰুণৰ মৃত্যুৰ মূল্যবান ক্ষণবোৰ,
সময় বতাহৰ লগত আহে আৰু যায়
ঘণ্টাৰ মূৰত মাথো আপদীয়া বেলিতো
টিক-টক  টিক-টক কৰি আঁতৰি যায় ¦

পদুলিত মৰহে চেনীচম্পা ফুল
সন্ধ্যা জোনৰ আৰ্তনাদত চলে
তৰাৰ আৰু পোহৰৰ কান্দোনৰ ৰোল
ভ্ৰুণ কি  .. আৰু তাৰ মৃত্যু .. ?
মৃত্যুৱে নাজানে জীৱন কি.?
কিন্তু জীৱনে মৃত্যুৰ ঠিকনা !

কোনোবা নাৰীৰ কোলাত নচা
এটা পুতলা নেকি ভ্ৰুণ...
নে মৃত্যুৰ কাৰাগাৰত বাস কৰা
এজন কৈদি ?
হৃদয়ৰ গভীৰতাত যেতিয়া
ভালপোৱাবোৰে গৰ্ভধাৰণ কৰে 
তেতিয়া ভ্ৰুণে কান্দে
মৃত্যু হব বুলি সেই ভালপোৱাৰ |

কিন্তু নাভী কেন্দক স্পৰ্শ কৰি
ভ্ৰুনে হাঁহে ,
পৃথিৱীৰ বুকুলৈ
নতুনকৈ  আহিম বুলি
আৰু মৃত্যু ....
আৰু মৃত্যুৱে বিষাদৰ সমাধি বগাই
কোনো পাৰ নাপায় ভাগৰি পৰে
আৰু নিজক প্ৰশ্ন কৰো
জীৱন আৰু মৃত্যুৰ মাজত
কি দোষেই বা আছিল সেই কনমানি ভ্ৰুনতোৰ  ?

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী