সূৰ্যইহে বাস্তৱ
কাৰ এই নিৰ্দেশ ?
গ্ৰহ-উপগ্ৰহ, সীমাহীন মহাকাশ
বিচিত্ৰ ৰূপেৰে প্ৰকাশ ৷
কি এই শক্তি ?
পৃথিৱী ঘূৰে অবিৰাম গতিত
স্থিতি শূণ্যতে ওলমি ৷
কোন এই কৰ্তা ?
উৰণ, বুৰণ, ভ্ৰমন, গজণ,
থিতাতে উঠন, থিতাতে পতন ৷
কাৰ এই দৃষ্টি ?
গৰ্ভত ভ্ৰুণৰ সৃষ্টি,
ক্ষণে বংশ, অনুক্ষণে ধ্বংস ৷
কাৰ এই ধাৰণা ?
সত্য, ত্ৰেতা, দ্বাপৰ, কলি ৷
কোনে সজাইছে ঈশ্বৰ ?
আদি অজানিত, অন্ত অজানিত ৷
কিন্তু সূৰ্য্যই হে বাস্তৱ
যাৰ শক্তিৰে আজি পৃথিৱী জীৱন্ত ৷
তাতেই সৃষ্টিৰ আদি
তাতেই সৃষ্টিৰ অন্ত ৷৷
______________________
Comments
Post a Comment