চুমি

এদিন ভাবিলো
তৰাবোৰ চুমি চাওঁ,
কিজানি তাত
তোমাক বিচাৰি পাওঁ ।

ৰামধেনুক জখলা কৰি
ডাৱৰত নাও তৰি
বুকুত লৈ একাশী জোনাক
অনুভৱৰে চুচুক চামাক,

ধৰিলো এমুঠি তৰা
হৃদয় নদীত সাঁতোৰা ।

সঁচায়ে
মোৰ প্ৰেম আৰু তৰা,
সুগন্ধী পথাৰ এডৰা ।
___________________

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী