গণতন্ত্ৰ

সি মোক কৈছিল
তাৰ মৃত্যুৰ কথা ,
তাৰ মৃত্যু হৈছিল ৰাজপথত
এজাক ৰাং কুকুৰৰ মাজত,
গণতন্ত্ৰ বোলে এনেকুৱাই
যাৰ মৃত্যুৰ কোনো বিচাৰ নাই,
আছে মাথো তাত এক প্ৰহসন
এমুঠি ৰজাৰ হাতত ৷

তাৰ মৃত্যুৰ কথা
চৌদিশে বিয়পি পৰিছিল
বতাহৰ সোঁতত,
সি বোলে বিচাৰিছিল
স্বাধীনতা
য'ত থাকিব শান্তি, সম্প্ৰীতি
আৰু উদাৰতা ৷

(সেইদিনা সেনাৰ গুলিত নিহত হোৱা ল'ৰাজনৰ ফটো আৰু তেওঁক সন্মান জনাই কৈছো,
"শ্বহীদ প্ৰণামো তোমাক")

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী