বেমাৰ
যদি নদী নোহোৱা,
মাজুলীৰ সৃষ্টি নকৰিবা।
যদি ব'হাগ নোহোৱা,
কপৌ নুফুলাবা ।
যদি সেউজীয়া নোহোৱা,
শেৱালিৰ কাহিনী নিলিখিবা ।
যদি ফুল নোহোৱা,
মৌচাকৰ সপোন নেদেখাবা ।
মই সেউজীয়া পথাৰ হ'লে,
তুমি গেৰুৱা আঘোণ হ'বা!
মই শীতৰ কম্পিত প্ৰভাত হ'লে,
তুমি গ্ৰীষ্ম হৈ বগাবা !
মই নদীৰ মোঁহনা হ'লে,
তুমি মেঘ হৈ গাজিবা !
কিয়নো,'
"আজিকালি ৰাতিবোৰে মোক বৰ বেয়াকৈ চুই
যায়,
দেহৰ উত্তাপে প্ৰেমৰ নিজৰা গলাই।"
গোপনে সাঁচি থওঁ হেঁপাহ ভৰা
এপাহ খৰিকাজাঁই,
শীতে গৰকা-ফাগুণে গচকা সপোন বোৰে
বুকুতে বিন্ধি যায় ।
তথাপি তুমি অবিহনেই,'
থাপনাৰ কোণত মোৰ ভক্তিৰ চাকিগছী
জীয়াওঁ,
অকলেই জ্বলাওঁ অকলেই
নুমাওঁ।
"অকলেই পাৰ কৰোঁ এটা পথ,
মোৰ স্বাধীনতা,
মোৰ অকলশৰীয়া ৰথ ।"
#sick_কবি
#এটা_নিশব্দ_নিশাৰ_অভিযোগৰ_সুৰ
#তৰাবোৰ_নে_মই_হে_দূৰ?
Comments
Post a Comment