জুবিনদা তই কুশলে থাক


                  আজি এনেকে তই মঞ্চ এৰি গুচি যোৱাত আমাৰ বহুত দুখ লাগিছে । বহুত খংও উঠিছে ।অসমৰ সংগীত জগত খনৰ তই একছত্ৰী সম্ৰাট আছিলি,বোম্বেত বহি বহি বলিউডৰ গান গাই আৰাম কৰি থাকিব পাৰিলি হ'লে । কিন্তু তই ইয়াত থাকিলি  কিয় ?তাতকৈয়ো ডাঙঁৰ কথা তই গায়ক কিয় হ'লি  ? তোৰ দৰে মানুহ গায়ক হয় জানো ? আৰু তই গায়ক হৈছিলিয়েই যেতিয়া তোৰ স্বাভিমান বোৰক কিয় বিক্ৰী দিব নোৱাৰিলি ? তই কি 25 বছৰে বুজি নাপালি, ইয়াত যে  স্বাভিমানী শিল্পীৰ আদৰ নায় । ইউকেলিপ্টাছ গছৰ দৰে ওখ হব খুজিছিলি ।তোৰ এটি এটি গীতেৰে আমাক বুজাব বিচাৰিছিলি জোকাৰি ছেদেলি-ভেদেলি হৈ ভাঙি-ছিঙি পৰি যাব খোজা পৰিস্থিতিতো কেনেকৈ এক শিলাময় স্তম্ভৰ দৰে মূৰ দাঙি থাকিব পাৰি । কিন্তু কি পালি ? জীয়াই থাকোতে ইয়াত আদৰ নাপাও। এই দেশত আদৰ মৃত্যুৰ পিছত পাবি।ভুপেন দাৰ ক্ষেত্ৰত দেখোন দেখিছিলি, কিয় পাহৰিলি ? তোৰ অপমান আমি চাই থাকিব নোৱাৰো । তোৰ গান শুণি শুণি আমি ডাঙঁৰ হৈছোঁ। তোৰ মূখৰ পৰা ওলোৱা কবিতা কবিতা লগা কথাবোৰ শুণি শুণি গানৰ পগলা হ'ব শিকিছো । তই বহাগ, তই ফাগুণ, তই আমাৰ মৰমৰ জুবিন দা ।

                 আৰু আজি তই মঞ্চত মুন্নী বদনাম হুয়ি গাই, বেলী ডানচ্ কৰিব বিচাৰা নাছিলি নহয় ,নিজৰ গানটোহে গাব খুজিছিলি, দেখিলি কেনেকৈ জাতীয়তাবাদী সত্তাবোৰ জাগি উঠিল। তোৰ নিজৰে গীতটোকে গাব নিদিলে ।এই খাই পাত ফলাৰ জাতটোক আৰু কিমান দিবি ? জীৱনৰ 25 টা বছৰ দিলি, 16000 গান দিলি, চিনেমা বনাবলৈ নিজৰ থকা ঘৰ বিক্ৰী কৰিলি, চিনেমাহ'ল খুলিলি। আৰু যে কি কি কৰা নাই তই  ! সিদিনা হ'বলা কটনৰ 10 গৰাকী ছাত্ৰীক আজীৱন পঢ়াৰ খৰচ দিম বুলি কৈ আহিলি । আৰু তোৰ সেই মাক বাপেক নোহোৱা ল'ৰা ছোৱালী কিতা যে পুহিছিলি, সিহঁত কিমান ডাঁঙৰ হ'লনো ?তই কিয় বুজা নায়, আজিৰ যুগত কোনোবাই জাতিটোৰ কাৰনে ইমানখিনি কৰে নেকি ?নিজৰ স্বাৰ্থ বলি দিয়ে নেকি ?বাকিবোৰৰ পৰা শিকিব নোৱাৰ! দেখা নাই বাকী বোৰে কেনেকৈ বোম্বেত গৈ খোপণী পুতি লৈছেগৈ । আজি কি পালি তই ? তোৰ মুখৰ পৰা মাইক কাঢ়ি নিবলৈ আহিল ।

                আজি তই মঞ্চ এৰি আহোতে বা তোৰ হাতৰ পৰা মাইকটো কাঢ়ি ল'ব ধৰোতে ,বেলেগে দেখিছিল নে নাই নাজানো,তোৰ  সজল চকুহাল কিন্তু আমি দেখিছিলো ।আৰু তই যে সেইদিনা নমামিত কৈছিলি তোৰ মৃত্যু হ'লে ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে, দৰকাৰ হ'লে উইলত লিখি থৈ যাবি । তেনেকুৱা কথাবোৰ নকবি, আমিবোৰ আবেগিক হৈ পৰো । জংকিৰ দুখযে তই পাহৰিবই পৰা নাই, আমি জানো ।তোৰলৈ শেষ অনুৰোধ কৰিছো জুবিনদা হয় তই এই খাই পাত ফলা জাতিটোৰ ওচৰৰ পৰা গুচি যা নহ'লে তোৰ স্বাভিমান বোৰ দলিয়াই পেলাই দে । আমি তোক কৰা এনেকুৱা অপমানবোৰ  চাই থাকিব নোৱাৰো ।তই বিহঙ্গী চৰাই, য'ত থাকিলেও সুখতে থাকিবি । চাৰিওদিশ উজ্বলায়ে ৰাখিবি । আমি জানো ।

                 জুবিনদা তই কুশলে থাক ।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী