তোৰ বাবেই

মই কেতিয়াও
মোক লৈ কবিতা নিলিখো
কবিতা তোৰ আৰু মোৰ
অনুভবৰ সাকোঁ
হয়তো বিহুৱান বোৱা এটা নিৰ্জু মাকো !

আহ আজি তিতি বুৰি
পাহৰি যাওঁ
আবিৰৰ ৰঙত
কৰি পেলাওঁ অলপ ব্যভিচাৰ
আবতৰীয়া বৰষুনত লিপিত খাই পৰা
তোৰ কাপোৰবোৰ,
আহ হৈ যাওঁ
আজি অলপ বুজা-বুজি !

পিছলি যাওক তোৰ ভৰি
য'ত ফুলক মোৰ মৰমবোৰ
আহ হৈ যাওঁ আজি
এটা কাহিনী,
আহ অলপ জীবাষ্ম হৈ যাওঁ
নুসোধো তোক কি ৰান্ধিছ' আজি
মৰুভূমি নে মৰুদ্যান ?
আবাহন নে আহ্বান ?
সপোন শুই পৰা এটা পূৱা
নে অলপ বাষ্প ডাৱৰ হোৱা ?

ৰ'বি ৰ'বি
ক'লৈ যাও ?
তোক এটা নীলা খাম দিওঁ
অলপ সময় শূণ্যতে জীওঁ|
মোৰ কবিতা জীৱনৰ সহাৰি
পথ হৈ ঠিকনা হোৱা,
বৰ গছ হৈ ক্লান্তি আতঁৰোৱা,
আন্ধাৰত জিলমিল কৰা,
সকলোবোৰ তোৰেই বাবে !

ৰ'বি ৰ'বি
মোৰ কথা নক'বি,
তোৰ হৃদয় ধুই নিয়া বতৰিয়া বন্যাত
মোৰ ঋতুৰ ৰোমণ্ঠনৰ অবিৰত যাত্ৰাত
পথ হৈ ঠিকনা হোৱা
তৰা হৈ খহি পৰা
এটি পৰিৰ সাধু শুনাম
কেৱল তোৰেই বাবে !!!

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী