গৰিমা শইকীয়া গাৰ্গ
জুবিনদাৰ লগত ঘুৰি ফুৰা মানুহজনী
মানুহজনী জুবিনদাৰ লগত বিহু মঞ্চই বিহু মঞ্চই ঘুৰি ফুৰে । কেতিয়াবা কোনোবা এখন কমিটিয়ে গামোচা এখন পিন্ধাই, কেতিয়াবা আকৌ সেইয়াও নকৰে । অপৰিসীম সাহস, অফুৰন্ত ধৈৰ্য, অক্লান্ত স্থিতিশক্তিৰ গৰাকী মানুহজনী ।তেওঁৰ কামৰ অভাব নহয় যে তেওঁ জুবিনদাৰ লগ নেৰে । ইউনিভাৰচিটি অব' মুম্বাইৰ পৰা গ্ৰেজুৱেইট, উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তেওঁ । এতিয়ালৈকে প্ৰায় 40-50 খন দেশী বিদেশী শ্ব'ত অংশগ্ৰহন কৰিছে। বহু বলিউডৰ তাৰকাই তেওঁ কাপোৰ পিন্ধিছে । বহুকেইটা এন.জি.অ চলাই আছে । ডুগডুগী নামৰ অনুস্থান এটাৰ কথা উনুকিয়াই এদিন কোনোবা ল'ৰা এজনে কৈছিল "মোৰ বাবে মাডাৰ টেৰেছা বেলেগকৈ নায়, এই মানুহ গৰাকীয়ে মোৰ বাবে মাডাৰ টেৰেছা ।"
ডুগডুগিৰ ৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ পিছতো মানুহ জনীয়ে তাৰ পৰা এটকাও নল'লে ।
"জুবিনদা তই কুশলে থাক" শীৰ্ষৰ মোৰ লেখাটোৰ পৰাই মানুহজনীৰ লগত কেতিয়াবা কেতিয়াবা ফেচবুকত কথা পাতো । যেতিয়াই যি পাতিছিলো, জুবিনদাৰ কথাই পাতিছিলো । মানুহজনীৰ এটাই ৰিপ্লাই আছিল "he is my lifeline"। শুনিয়েই ভাল লাগি যায় ।
এইজনীয়েই হ'ল মই ক'ব বিচৰা জুবিন গাৰ্গৰ সূযোগ্য ধৰ্মপত্নী গৰিমা শইকীয়া গাৰ্গ । বহুবছৰ দুয়োটা একেলগে আছে । কোনোবা দিনা যদি জুবিন দাক "ভাপত দিয়া কলডিল" খুৱাইছে, কোনোবাদিনা আকৌ "বাঁহৰ গাজ দি বনোৱা শুকাণ মূৰ্গীৰ মাংস" খুৱাইছে । জুবিন দা মাটিৰ মানুহ । জাতিৰ মানুহ । গন শিল্পি । জুবিন দা কোনোবাদিনা যদি মাটিতে শুই গৈছে, গৰিমা বৌয়ো জুবিন দাক সাৱটি মাটিতে শুই গৈছে, কোনোবা দিনা যদি বিহু মাৰি আহি জি.এম.চি. ৰ আগফালে লেতেৰা বেঞ্চত বহি পুৰি খাইছে, গৰিমা বৌয়েও সেইয়াই খাইছে । জীৱনৰ প্ৰতিটো সময়ত জুবিন দাৰ লগত একেলগে খোজ কাঢ়িছে ।
এই খিনিতে এটা কথা কওঁ, সিদিনা মৰিগাওঁ ত গান গাই থাকোতে জুবিন দাই ষ্টেজতে কান্দি পেলালে । কাৰনটো আছিল লগৰ এজনৰ মাক ঢুকাইছিল, সেইদিনা । গৰিমা বৌয়ে লগে লগে এজুৰি সজল চকুলৈ ষ্টেজত জুবিন দাক এটা সৰু ল'ৰাৰ দৰে সাৱটি ধৰি যেনে ধৰনেৰে মৰম কৰিছিল, তাতে বুজি পোৱা যায় কিমান এটা অপৰিসীম মৰম পুহি ৰাখিছে মানুহজনীয়ে ।
জুবিন দা জাতিৰ মানুহ । জাতিটোৰ বাবে বহুত কিবা কিবি কৰিছে । দুখিয়া মানুহক মুক্ত হস্তে দান কৰিছে , চিনেমাৰ বাবে ঘৰ বিক্ৰীছে, এই সকলো বোৰতে গৰিমা বৌয়ে সঁহাৰি জনাই আহিছে । জুবিন দাৰ খুউব ঘনিষ্ঠ মোৰ বন্ধু এজনে কৈছিল যে জুবিন দাৰ অসমীয়া জাতিটোক লৈ দেখা সপোন বোৰৰ আঁৰৰ মানুহজনী গৰিমা বৌ ।কাৰন বৌয়ে জুবিন দাৰ প্ৰতেকটো কামত আজন্ম সঁহাৰি দি যায় । এবাৰলেও নকই নকৰিবা, নাযাবা, নালাগে ইত্যাদি বোৰ ।
জুবিন দাৰ কথা সকলোৱে লিখে, সকলোৱে ভাল পায়।কিন্তু এই জুবিন দাৰ আঁৰৰ বৌ জনীৰ কথা মানুহে পাহৰি যায় ।মইয়ো জুবিন দাক লৈ বহুত লিখিলো, এবাৰো গৰিমা বৌৰ কথা নিলিখিলো। সেইবাবেই মোৰ লিখিবলৈ মন গ'ল ।
বৌ, জুবিন দাৰ অসমীয়া জাতিটোক অপৰিসীম ভালপোৱাক সঁহাৰি জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ । প্ৰতেকটো কামতে আপুনি লগত থাকি দুয়ো একেলগে কামবোৰ আগবঢাই নিয়াৰ বাবে ধন্যবাদ জনাইছোঁ । জুবিনদাৰ অযুত সপোনবোৰ পূৰ্ণ কৰাত সঁহাৰি জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ । এনেদৰেই আপুনি সদায় জুবিন দাৰ কবিতা কবিতা লগা কথাবোৰৰ কবিতা হৈ থাকক ।
জাতিটোৰ বাবে আৰু কৰিবলৈ সুবিধা দিওক ।
দুয়োজন কুশলে থাকক ।
Comments
Post a Comment