মাননীয় কালাম চাৰলৈ একাজলি শ্ৰদ্ধাৰে
ভাবিছো
আপোনাক লৈ লিখো এটি নিপোটল কবিতা।
তাৰেই হেপাহেৰে
উজাই ভটীয়াইছো,
ভটীয়াই উজাইছো
আপোনাৰ সাতোৰঙী গাত
পিন্ধাবলৈ সাজ,
তথাপি নোলাল কবিতা,
শব্দৰ অভিমন্যু বেহুত
আপুনিছোন নিজেই কবিতা
আমাৰ শক্তিৰ কবিতা ।।
Comments
Post a Comment