তোৰ অনুপস্থিতিত অকলশৰীয়া হ'লো

তোৰ অনুপস্থিতিত অকলশৰীয়া হ'লো
ভুল নুবুজিবি
মন ভৰালো
হৃদয়ৰ কথা পাতিলো
নিজকে তিয়াই দিলো
বুৰঞ্জী লিখিলো
ভূগোল সংকুচিত কৰিলো ।

বদনামী হ'লো
জীয়াই থাকিলো
অভিজ্ঞতাৰ সংজ্ঞা দিলো
নিজকে বিচাৰি চালো ।

কিছু পালো
কিছু নাপালো,
অভিধান চলাথ কৰিলো
ভাল-বেয়াৰ সংজ্ঞা বিচাৰিলো,
নিজক বিলীন কৰিলো
নিজক জীয়ালো
নিজক মাৰিলো,
নদী হ'লো
পাহাৰ হ'লো
আহাৰ খালো
ব্ৰত কৰিলো ।

দিনবোৰ গ'ল
কিছু বুৰঞ্জী হ'ল,
কিছু হাবিয়াস
সপোন হৈ মাৰ গ'ল,
কিছু আদিম হেঁপাহ
তোৰ অনুপস্থিতিত বহু কিবা কিবি হ'ল।

জীৱনটো পাৰ হ'ল
এনেকৈয়ে !
তোক
আগত লৈয়ে।

ভুল বুজ যদি
নহ'বি এখন নদী
নহ'বি সাগৰ
দিবলৈ খবৰ
প্ৰেমৰ নদী
নিৰবধি,
তোৰ অনুপস্থিতি
বৰ বেয়া অতিথি ।

লৈ যায়
থৈ যায়
দি যায়
বুৰঞ্জী ।।

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী