কটাৰী
কটাৰী সুস্বাদু ব্যঞ্জনৰ আধাৰ । পাকঘৰত বাস।
ছুৰী কটাৰী, কপি দা,মেচি দা, হাতোৰা, আদি মিলি কটাৰীৰ পৰিয়ালতো বহুত ডাঙৰ ।তথাপি সকলোৰে ভিতৰত কটাৰী বৰ মৰমৰ ।
দুখীয়াৰ পাকঘৰত এখন কটাৰী থাকে । মধ্যবিত্তৰ ঘৰত দুই-তিনিখন । আৰু ধনীৰ ঘৰত দেশী-বিদেশী মিলি কেইবাখনো থাকে । ধনী মানুহৰ কটাৰীবোৰৰ নাম বোৰো বহুত, যেনে : Utility Knife, Paring Knife ইত্যাদি । মই নামবোৰ কম বুজো ।
সাধাৰণতে কটাৰীৰ দুটা ভাগ । চোকা কটাৰী আৰু বদুৱা কটাৰী । কটাৰী প্ৰভুভক্ত । মালিকে ব্যৱহাৰ কৰিলে বৰ ভাল পায় । চোকা কটাৰী বোৰ বেছিকৈ ব্যৱহাৰ হয় । সেইবাবে সিহঁত বৰ সুখী । বদুৱা কটাৰী বোৰৰ ব্যৱহাৰ কম হয় ।সেইবাবে সিহঁতৰ চোকা কটাৰীবোৰক দেখি মনত ঈৰ্ষাৰ ভাব জাগে । কিন্তু দুদিন পিছতে চোকা কটাৰী বোৰৰো একে অৱস্থা হব বুলি মনতে সান্ত্বনা লয় ।
কটাৰীয়ে মানুহক বহুত ধুনীয়া ধুনীয়া খাদ্য খুৱাই । ভাল খাদ্য খুৱাব'লৈ পালে কটাৰী বোৰে বৰ ভাল পায় । গাওঁবোৰত কেতিয়াবা বিহু-সংক্ৰান্তিত ধনী-দুখীয়া মিলি ভোজ ভাত খায় । তেতিয়া কটাৰী বোৰো একেলগ হয় । ধনী কটাৰী বোৰে ফিতাহি মাৰে
"মই কালি মালিকক অমুক খুৱালো, পৰহি তমুক খুৱালো ইত্যাদি ইত্যাদি । " তেতিয়া দুখীয়া কটাৰীবোৰে মনত বৰ দুখ পায় । সিহঁতৰ বজাৰলৈ গৈ বিভিন্ন ব্যঞ্জণ আনি মালিকক বিধে বিধে ৰান্ধি খুৱাবলৈ মন যায় যদিও নোৱাৰে । মনতো ভাগি পৰে । অকলশৰীয়া নিৰ্জন নিশাবোৰত উচুপি উচুপি কান্দে । তেতিয়া ঘৰতে এলাগী হৈ পৰি থকা বদুৱা কটাৰী বোৰে সান্ত্বনা দিয়ে । দুখৰ সমভাগী হয় ।
কটাৰীবোৰ বৰ আৱেগিক । কাৰোবাৰ ঘৰত যেতিয়া বিধে বিধে ৰন্ধাৰ পিছতো মূল মানুহজনে আহি বেয়া হৈছে বুলি খোৱা বস্তুবোৰ আধা খাই পেলায় দিয়ে তেতিয়া কটাৰীখনে গোটেই দোষ বোৰ মূৰ পাতি লয় । মনতো বেয়া লাগে । বহু ক্ষেত্ৰত কটাৰীয়ে ঘৰত হোৱা হাই-কাজিয়া বোৰৰ নিৰৱ সাক্ষী হৈ ৰয় ।
কিছুমান কটাৰীয়ে মানুহক ভালকৈ খুৱাব নোৱাৰে যদিও মানুহবোৰ বৰ সুখেৰে মিলিজুলি খাই । সেইবাবে সিহঁত দুখীয়া হলেও বহুত সুখী ।
সদায় মানুহক ভাল ভালকৈ খুৱাই খকা, মানুহৰ দুখত কন্দা, সুখত সুখী হোৱা কটাৰীখনো এদিন বদুৱা হৈ যোৱাৰ পিছত বা মামৰ লগাৰ পিছত ঘৰৰ কোনোবাখিনিত এলাগী হৈ ৰয় । কটাৰীখনে তেতিয়া বৰ দুখ পায় ।
(দেৱাংগদাৰ জোতা, আলনা আৰু দুৱাৰ পঢ়ি মোৰ এটা সৰু প্ৰচেষ্টা । দাদাই বেজি এটাৰ মূৰতোক লৈয়ে 2000 শব্দৰ ৰচনা লিখি দিব পাৰে । কোনোবাখিনিত আপোনাৰ জোতা,আলনা, দুৱাৰৰ লগত যদি মোৰ ভাব মিলি গৈছে, ক্ষমা কৰিব। দেৱাংগ দা এবাৰ পঢ়ি চাবচোন ।
Comments
Post a Comment