অনুভৱৰ দৰে

ব'হাগৰ এনে এটা ধূলিয়াৰী দিনতে
এখন চিঠি ছপাইছিলো,
আঁকি দিছিলো আমন্ত্ৰণৰ
কবিতা দুশাৰী ৷
এতিয়া নাই সেই চিঠিৰ কপি
নাই সেই কবিতা দুশাৰী ৷
তাৰ আঁত ধৰি আৰম্ভ কৰা কাহিনীটোও
আজি চেদেলি-ভেদেলি,
আছে মাথোঁ সিবোৰৰ অলেখ
সোঁৱৰণি ৷

এটা নিঃশব্দ নিশাৰ অভিযোগৰ সুৰ
বুজিয়েই নাপাওঁ,
তৰাবোৰ নে মই হে দূৰ ৷
কোনেও নপঢ়া কোনেও নুশুনা
অলপ বুজাবুজিৰ কৃপণ কান্দোন
অলপ বেদনাৰ শুৱনি সপোন ৷

ৰৈ আছো মই, নদী হৈ ব'বলৈ
কেনভাছ হৈ মনালিছা,
কৃষক হৈ চাবলৈ
এখন সোনোৱালী দলিচা ।

অ' মই ক্লান্ত পখী
হাজাৰ অভিমূখী
মোৰ জীৱনৰ পথৰ ধৈৰ্য্য জুখি
বুজি পাই সামৰিলো লেখি-মাখি ৷

"প্ৰেম ভালপোৱা বোৰ দীঘল পথ
য'ত নচলে সীমাবদ্ধতাৰ জীৱন ৰথ ৷"

জীৱন বুজিবি অভিমান নকৰিবি
আকাশ চাই তৰাবোৰ নেদেখিলে
দিন বুলিয়েই ধৰিবি ৷
পখিলা হ'ব খুজিলে
চহাবি, ৰুবি, সিঁচিবি
ফুলৰ পুলি ৷

মই পুনৰ বিচাৰি যাম
তোৰ শিৰতে নতুন শেওঁতা
য'ত সূৰ্য জিলিকা
মৰমে চেলেকা
অনুভৱৰে গঢ়া ৷৷
____________________

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী