চনেট

ব্যৰ্থ জীৱন(এটি চনেট)

মোৰ বাবেই ব্যৰ্থ হ'ল এটি অনুপম সুৰীয়া
জীৱন।
বৃথা হ'ল জীৱনৰ বাটচ'ৰাত গজালি মেলা সুখৰ
সপোন ।।

পৰিত্যক্ত কাৰেঙৰ জনক-নন্দিনী হিয়াৰ অলিন্দ
দুটি এৰি ।
মোৰ বাবেই হ'ল সৰ্বস্বান্ত পতিব্ৰতা মোৰ
মৰমৰ জননী ।।

মোৰ বাবেই শিৰত তুলি ল'লে অপবাদৰ
এন্ধাৰ ওৰণি ।
আকোৱালি ল'লে অৰণ্যৰ একাকী জীৱনৰ
ৰূপোৱালী ঘাঁহনি ।।

শূন্যতাত অৱগাহন কৰি ৰজা হোৱা হে প্ৰজাহিতকৰ জীৱনসংগী ।
তোমাৰ ভুলৰ বাবেই নিৰ্বাপন হ'ল সুব্ৰতা
সীতাৰ জ্যোতি ।।

ইতিহাসৰ পুনৰাবৃত্তিৰে আজিও ব্যৰ্থ জীৱন
বৃথা হয় ।
জ্যোতিৰ্ময়ী জয়াৰ  সুখৰ সুৰীয়া সপোনত আজিও
কালিমা হৈ ৰয় ।।
_____________________________________________

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী