আপোনাৰ প্ৰেমত পৰিছো

হয়
মই আপোনাৰ প্ৰেমত পৰিছো ৷

আপুনি ডাঠকৈ কাজল ললে
মোৰ ভাল লাগে ,
আপোনাৰ স্টেট কৰা চুলিখিনি বতাহত খেলিলে
মোৰ ভাল লাগে ৷
আপোনাৰ নাকৰ ৰিংটো
উহ  !
কিয় যে পিন্ধে আপুনি  ?
একেবাৰে  পাগল কৰি দিয়ে মোক ৷

আপুনি ৰঙা পিন্ধি মোৰ কাষত থাকিলে
এনে লাগে ,
যেন আবেগৰ কুৱলি ফালি
সুৰুজে ভূমুকি মাৰিছে ৷

আপোনাৰ ডিঙিৰ বগা মনিটো
কিয় দিছিল বাৰু মোক?
ক্ষমা কৰিব
দুদিনতে হেৰাৱালো
আপোনাক বৰ শুৱাইছিল ৷

হব বাৰু আহক একাপ কফি খাওঁ
আপুনি কি খাব,
কল্ড নে হট?
নে ক্ৰানচি ফ্ৰেপে, অপেল লেমন ইত্যাদিবোৰ?
নালাগে দিয়ক,
আজি আপুনি ভালপোৱা
কেপেচিনোকে খাওঁ,
( যদিও মই কফি খাই বেয়া পাও )

আট্চা আপুনি কওকচোন
কিয় ভাল নাপায় মোৰ কবিতা?
এলাৰজি কিয় !
আপোনাক লৈয়ে কত' যে কবিতা
বৰঞ্চ আপুনিয়ে নপঢে ৷

আপোনাৰ বাৰু কল্ড পাৰ্কৰ সৈই
উখ চিট কিটা মনত আছেনে,
হাতত আমেৰিকান লেইজৰ পেকেট লৈ
ভুপেন দাৰ "মানুহে মানুহৰ বাবে" শুনি শুনি
কত যে আবেলি পাৰ কৰিলো ৷

আপোনাৰ বাৰু আনোৱাৰ হলৰ
চিনেমা কিখন মনত আছেনে,
অকনমান সময় একেলগে থকাৰ হেপাহঁতে,
একেখন চিনেমাকে যে
বাৰে বাৰে চাইছিলো|

পাহৰিছে চাগে !

আপোনাক এটা কথা শুধো
আপুনি বাৰু সুখিনে মোৰ লগত ?
কোনো জলদি নাই
পিছে পৰে কলেও হব  ৷

আচলতে কি জানে,
কমপ্ৰমাইজৰ জীৱন এটা ময়ো বৰ ভাল নাপাওঁ |

বলক আজি  অলপ একেলগে  খোজকাহো
বহুদিনৰ মুৰত
পোহৰৰ ফালে  ৷৷

কিযানিবা মনৰ কুৱলি বোৰ আতৰি যায় !

হয়
মই আপোনাৰ প্ৰেমত পৰিছো ৷৷৷

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী