এক্স ফেক্টৰ (XXX)
XXX(এক্স ফেক্টৰ)
ইংৰাজী X (এক্স) বৰ্ণটো অজ্ঞাত ৰাশিক বুজাবলৈ ব্যবহাৰ কৰা হয়,' 'ধৰা হওক'____এনে অৰ্থত ৷ গণিতত X ৰাশিটো সত্যত উপনিত হোৱাৰ আৰম্ভনী বিন্দু ৷ "X" ৰে আৰম্ভ কৰি শুদ্ধ জাগা এটাত ওলাবগৈ পাৰি যদিহে কেতবোৰ শুদ্ধ পদ্ধতিৰে গৈ থকা যায় ৷ কিন্তু সমাজখন হুবহু গণিত নহয়, সেয়েহে X ৰ অৰ্থ বহুধা হয়গৈ ৷
কোলাত লৈ থকা সন্তানটো চাওঁতে চাওঁতে এদিন X ৰাশিলৈ পৰিবৰ্তন হয় ৷ মাক দেউতাকহঁতে তাক লৈ পাতি লোৱা অংকবোৰ খেলি মেলি ভুল হয় ৷ তেতিয়া "X"ধ্ৰুবক হৈ নাথাকে প্ৰহেলিকা হৈ পৰে ৷ কেৱল মাক দেউতাক বা সন্তানৰ সম্বন্ধটোৱেই নহয়_____সকলো সম্পৰ্কই যেন এতিয়া "X " ফেক্টৰ ৷ বন্ধুবোৰ, পতি বা পত্নী গৰাকী, প্ৰিয় নেতাজন, সহকৰ্মীজন___সকলো সম্পৰ্কই যেন এতিয়া অজ্ঞাত, সংজ্ঞাবিহীন, নিৰোত্তৰ এক্স ৷
জেনেৰেচন এক্স ক জনপ্ৰিয় ৰূপ দিয়া কানাডিয়ান লিখক ড'গ্লাচৰ উপন্যাস খনৰ চৰিত্ৰ বোৰ এনেকুৱা আছিল_____প্ৰয়োজনতকৈ অধিক শিক্ষিত, আত্মমূখী, আত্মসচেতন, দুৰ্বিনীত, মেজাজী, অন্তত্য খঙাল,জেদি, নিজৰ ভবিষ্যত লৈ উদ্বিগ্ন ৷ সিহঁতৰ লক্ষ্য বা প্ৰতিপক্ষ কোনো নাই ৷ ইহঁত কাৰো পক্ষেও নাই কাৰো বিপক্ষেও নাই ৷ একোতে বিশ্বাস নাই___কতো আনাস্থাও নাই ৷ সিহঁতক লৈ সকলোৰে প্ৰশ্ন কিন্তু সিহঁতৰ কাৰো প্ৰতি প্ৰশ্ন নাই ৷
X প্ৰশ্নও নহয় উত্তৰো নহয় ৷ কিন্তু আজিৰ সমাজ খনত নিগূঢ় সত্যত উপনীত হবলৈ আমি X ৰ সহায় ল'বই লাগিব ৷
Comments
Post a Comment