বিহুত ছুটী নোপোৱা বি এছ এফ ৰ ল'ৰাটো

"দাদা আছেনে ?"
'আছো কোৱা।'
"ভাত খালে ?"
'নাইখোৱা অ' , তুমি খালা ?'
'ময়ো নাই খোৱা, ঘৰলৈ মনত পৰিছে । '
'কিয় ?'
"এইবাৰো বিহুত ঘৰলৈ যাব নোৱাৰিম।"
'এইবাৰো মানে ?'
"যোৱা দুবছৰ ঘৰ যাব নোৱাৰিলো, এইবাৰৰ সৈতে তিনিবাৰ হ'ল।"
'দুখ নকৰিবা, কিয়নো দুখ কৰিছা ? '
"নহয় দাদা, বিহু আহিলেই সকলো মানুহেই বিহুৰ ফটোবোৰ ফেচবুকত দিয়ে যে , কিবা মনতো ঘৰলৈ গুচি যায় । তাতে আকৌ মই আগতে ঢোলো বজাইছিলো"
'মন বেয়া নকৰিবা, তোমালোক তাত আছা বাবেইতো আমি ইয়াত ইমান ভালকৈ আৰু শান্তিৰে বিহু পাতিব পাৰিছো"
"হয় বাৰু কথাটো"
'যেতিয়াই এনেকুৱা কথাত বেয়া লাগে, ভাবিবা তোমাৰ মা-দেউতাই ঘৰত বিহু পাতিছে আৰু তুমি কোনো বেয়া মানুহ আহিব নোৱাৰাকৈ জপনা মূখত পহৰা দি আছা'
"দাদা ভাল লাগিল আপোনাৰ কথা খিনি, কিন্তু চবেই তেনেকৈ নাভাবে "
'তুমিও যে আৰু, সকলোৱে তেনেকৈয়ে ভাবে '
"নহয় দাদা,নাভাবে  । আজি ফেচবুকত ফটো এখন দিছিলো ঘৰলৈ মনত পৰিছে বুলি, কিন্তু এজনে কি লিখিলে জানে ?"
'কি?'
"এনেয় নাই নহয় তাত তই, চৰকাৰৰ পৰা দৰমহা লৈহে আছ"
'ধেত কোনোবা লগৰ বন্ধু চাগে, তোমাক ধেমালী কৰিছে'
"হয় বাৰু লগৰে, দাদা বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি, বহুখিনি দুখ কমি গ'ল"
'হয় নেকি?'
"হয় দাদা, অ'শুণকচোন ,তাত বোলে বহুত বৰষুণ দি আছে হয়নে ?"
'অ' এইকেইদিন ইমান নাই বাৰু, কিন্তু মাজতে বহুত দিলে'
"ইয়াত যে বহুত গৰম, দিনটো ড্ৰেচ পিন্ধি ডিউটি কৰোতে বিয়া দেখি গৈছো, আৰু আপোনাৰ ৰাতি বালিবোৰৰ পৰা কিবা গৰম গৰম গেছ এটা ওলাই শুবই নোৱাৰো "
'আৰে তেতিয়াহ'লে শোৱা কেতিয়া?"
"ৰাতিপূবা তিনি মান বজাৰ পৰা ছয় মান বজালৈকে অলপ ঠাণ্ডা পৰে, সেইকন সময়েই ভালকৈ শুই লওঁ"
'অ' ইমান কম সময় শুই পাৰানে ?'
"পাৰো পাৰো, এতিয়া একদম পৰা হৈ গৈছো, দাদা মই আকৌ কথা পাতিম দেই, ভাত খাই লওঁ, ঠাণ্ডা হ'লে খাব নোৱাৰিম আৰু, কেতিয়াবাই দি থৈ গৈছে, আপোনাক যদি অনলাইন পাওঁ আকৌ কথা পাতিম দেই"
'হব বাৰু যোৱা, খাই লোৱা, মই থাকিম অলপ সময়'

              পাঞ্জাবত কৰ্মৰত নলবাৰীৰ বি.এচ.এফ ৰ ল'ৰা জন  । এইটোৱেই আমাৰ বহাগৰ বিহু  আৰু এয়াই মাতৃভূমি প্ৰেম । আৰু কিবা লিখাৰ প্ৰযোজন আছে বুলি মই নাভাবো ।
        
              অসমৰ প্ৰত্যেকজন দেশৰ নিৰপত্তাত কৰ্মৰত জোৱান,পুলিচকে ধৰি বিহুত ঘৰলৈ আহিব নোৱাৰা সকলো ব্যক্তি আৰু লগতে তেওঁলোকৰ সমূহ পৰিয়াললৈ আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছো।
             
             আপোনালোক তাত কৰ্মৰত বাবেই আমি ইয়াত বিহু পাতিব পাৰিছো  । গৌৰব কৰো আপোনালোকক লৈ। দুখ নকৰিব, আপোনালোক প্ৰত্যেকজনেই আমাৰ বাবে একো একো জন গৌৰবৰ প্ৰতীক ।
(অনুভব হে দেই )

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী