ভাগৱত পুৰাণ
শ্ৰীমদ্ ভাগৱত পুৰাণ-একাষাৰ
_____________________________
কৃষ্ণ ভক্তিৰসৰ অনুপম সাহিত্য, সৃষ্টিত্বৰ ৰহস্য সৰলীকৃত গ্ৰন্থ, ভগবান শ্ৰীকৃষ্ণৰ মহাজীৱনৰ ৰসভাষ্য, নানান নীতি উপদেশ, কাহিনী আদিৰে পৰিপূৰ্ণ, গভীৰ আধ্যাত্মিকতাৰ প্ৰসিদ্ধ পুৰাণ হৈছে শ্ৰী মদ্ ভাগবত৷ খ্ৰীষ্টীয় নৱম শতাব্দীত এই পুৰাণ ভাগ ৰচিত হৈছিল ৷ ভাৰতীয় সাহিত্যত পুৰাণ সমূহৰ অৱদান, জাতীয় জীৱন, সংস্কৃতি আদিত ইয়াৰ প্ৰভাব কেনেধৰণৰ তাক কৈ অন্ত কৰিব নোৱাৰি ৷ কুৰ্ম পুৰাণৰ মতে 28 জন ব্যাসে পৃথিৱীত জন্ম গ্ৰহন কৰিছিল আৰু শেষৰ জনৰ নাম হৈছে কৃষ্ণ দ্বৈপায়ন ৷ প্ৰবাদ আছে যে পুৰাণ সমূহৰ ৰচক তেওঁৱেই ৷ এই পুৰাণ সমূহত সৃষ্টি, সৃষ্টিৰ প্ৰসাৰ আৰু লয়, পুনঃসৃষ্টি, দেৱতা আৰু ঋষিসকলৰ বংশাৱলী, মনুৰ শাসন কাল, সূৰ্য আৰু চন্দ্ৰ বংশীয় ৰজা সকলৰ শাসনৰ বৰ্ণনা, দান-ধৰ্ম, বিধি, ব্যাকৰণ ,জ্যোতিষ, ভূগোল, পদাৰ্থ বিজ্ঞান, সমৰ কলা আদি নানান উপাদেয় পাঠেৰে পৰিপূৰ্ণ ৷পুৰাণসমূহ প্ৰথম অৱস্থাত এখন সংহিতা ৰূপত আছিল ৷ সময়ৰ পৰিবৰ্তনত 18 খন পুৰাণলৈ ৰূপ ললে ৷ ভাগৱত, পদ্ম,ব্ৰহ্ম, বিষ্ণু, নাৰদ অগ্নী, মাৰ্কণ্ডেয়, ভবিষ্য, ব্ৰহ্মবাৱৰ্ত, লিংগ, বৰাহ, স্কন্ধ, বামন, বৰুণ, ব্ৰহ্মাণ্ড, শিব আৰু কুৰ্ম পুৰাণ নামেৰে পুৰাণ সমূহ ভাৰতীয় জনজীৱনৰ অংগ হৈ পৰিল ৷
এই পুৰাণ সমূহৰ ভিতৰত ভাগৱত পূৰাণ আতাইটকৈ জনপ্ৰিয় আৰু প্ৰসিদ্ধ পুৰাণ ৷আদি নাৰায়ণৰ ওঁম শব্দৰ পৰাই ভাগৱত পুৰাণৰ জন্ম ৷শ্ৰী নাৰায়নে ভাদৱত পুৰাণ পদ্মযোগী ব্ৰহ্মাক কৈছে ৷ ব্ৰহ্মাই নাৰদক কৈছে ৷ নাৰদে ব্যাসক আৰু ব্যাস সুত শুকে পৰীক্ষিতক কৈছে ৷ উগ্ৰশ্ৰৱা সুতে শৌণক ঋষিক কৈছে ৷ অনন্ত নাগে সনত কুমাৰ আদি চাৰি নাগক কৈছে ৷ মৈত্ৰেয়ই বিদূৰক কৈছে৷
গাম্ভীৰ্য ৰচনাশৈলি, প্ৰাঞ্জল ভাষা, কথোপকথন শ্ৰুতা বক্তাৰ কথাৰে বৰ্ণনা, অতি উচ্চখাপৰ আধ্যাত্মিক দৰ্শনেৰে পৰিপূৰ্ণ শ্ৰীমদ্ ভাগৱত গ্ৰন্থৰ ৰসস্বাদৰ বাবে গভীৰ জ্ঞানৰ প্ৰয়োজন ৷ জ্ঞান যোগ, কৰ্ম যোগ , ভক্তিযোগ ,সমাজ, ৰাজনীতি, স্ত্ৰীধৰ্ম আদি দিশত এই গ্ৰন্থ ভাগত স্পষ্ট নিৰ্দেশ দেখা পোৱা যায় ৷মানবীয় প্ৰমুল্য বোধৰ নিদৰ্শন থকা বাস্তব ধৰ্মী গ্ৰন্থ খনিৰ উপাদেয় জ্ঞান আহৰণৰ ওপৰত নিৰ্ভৰ কৰে পঠন আৰু শ্ৰৱণৰ সাৰ্থকতা ৷
____________________________________________
সম্পুৰ্ন ভাগৱত পুৰাণ পোৱা যাব নে
ReplyDelete