মই কেতেকী
মই কেতেকী
ৰাজ প্ৰসাদ বিষাদ । কাৰো মুখত পানী নাই ।ৰজা চিন্তিত, ৰাজকুমাৰ শোকত ব্যাকুল,ৰাজকুমাৰীৰ বেমাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেজ-জ্ঞানী আহি ভাল কৰিব পৰা নাই ।সকলোৱে ৰাজকুমাৰী আৰু নাবাচে বুলি কৈছে । ৰাজকুমাৰে ৰাজ্যৰ চুকে কোণে বেজ বিচাৰি ফুৰিছে । শেষত এজন বেজ পালেগৈ, তেওঁ ক'লে যে এটা যদি বস্তু পোৱা যায় ৰাজকুমাৰী বাচিব । সেইটো হ'ল "কেতেকী ফুল", কেতেকী ফুলৰ ৰেণু কুঁৱৰীৰ গাত সানি দিলে কুৱৰী আৰোগ্য হৈ পৰিব । ৰাজকুমাৰ বলিয়া হৈ পৰিল, তেতিয়া গ্ৰীষ্ম কাল । গ্ৰীষ্ম কালত কেতেকী ফুল নুফুলে । ৰাজকুমাৰ ভাবি চিন্তি অস্থিৰ হৈ লগত লগুৱা লিকচৌ লৈ হাবিয়ে বননীয়ে ফুৰিছে ।
এদিন গৈ গৈ এখন ডাঁঙৰ অৰণ্য পালেগৈ আৰু এডোপা কেতেকী গছ দেখিলে । কেতেকী জোপাৰ ডালত এজনী কেতেকী চৰাইয়ে আনন্দ মনেৰে নাচি বাগি আছে । ৰাজকুমাৰে আঠু লৈ কেতেকী জনীক ক'লে "হে কেতেকী, মই এটা ডাঁঙৰ বিপদত পৰিছোঁ । ৰাজকুৱৰীৰ বেমাৰ, এপাহ কেতেকী ফুল লাগে। পাৰিবানে কিবা এটা কৰি এপাহ কেতেকী ফুল আনি দিব ।" কেতেকী জনীয়ে ক'লে যে ৰাজকুঁৱৰ এতিয়া গ্ৰীষ্ম কাল, গ্ৰীষ্ম কালত কেতেকী ফুল নুফুলে। বসন্ত আহিব লাগিব, আৰু তেতিয়া আমি হিয়া ভাঙি কান্দিম। আমাৰ হিঁয়া ভঙা মাত শুণি কেতেকী ফুলি উঠিব । ৰাজকোঁৱৰে তেতিয়া চিঞঁৰি চিঞঁৰি কান্দিলে। তেতিয়া কেতেকী জনীৰ দুখ লাগিল আৰু ক'লে "তোমাক এটা উপায় দিব পাৰিম। যদিহে তুমি মোৰ কথাত মান্তি হোৱা"। ৰাজকুমাৰে ক'লে তুমি যি কোঁৱা মই তাকে মানিম, প্ৰযোজনত মোৰ প্ৰাণো বিষৰ্জন দিম । "তেতিয়াহ'লে কালিলৈ সন্ধিয়া তুমি এইখিনিলৈ আহিবা, মই কেতেকী গছৰ কাঁইটীয়া পাতৰ মাজত বহি ওৰে ৰাতি 'মই কেতেকী, মই কেতেকী' বুলি কান্দিম ,তেতিয়া পূৱালৈ এপাহ কেতেকী ফুল ফুলিব । আৰু মোৰ দেহতো কেতেকী গছৰ কাঁইটেৰে থকা সৰকা কৰিব, মই তেজেৰে লুটুৰি পুতুৰি হৈ মাটিলৈ পৰি যাম । কিন্তু তেতিয়া তুমি মোক উঠাই লৈ হাত বুলাই মৰম কৰিবা ,মই জী উঠিম । পুনৰ ডালে পাতে নাচিম, বসন্ত আহিলে আকৌ তোমালোকক মই আগলি বতৰা দিম " কেতেকী জনীয়ে ক'লে ।
সেইমতেই ৰাজকুমাৰ পাছদিনা গৈ তাত উপস্থিত হ'ল ।আগদিনাৰ কথা মতেই কেতেকীজনীয়ে কেতেকী গছৰ কাঁইটৰ মাজত মই কেতেকী মই কেতেকী বুলি চিঞঁৰিলে । লাহে লাহে ৰাতি হ'ল, কেতেকীজনীয়ে অবিৰাম গতিত চিঞঁৰিয়ে আছে, ৰাজকুমাৰে গছজোপালৈ চাই আছে, ভাবি আছে কেতিয়া ৰাতি পূৱাব কেতিয়া কেতেকী ফুল দেখা পাম !
লাহে লাহে পূৱাৰ পোহৰে ফাট মেলিলে, লগে লগে কেতেকী জোপাৰ মাজত জকমককৈ এপাহ কেতেকী ফুল ফুলি উঠিল । লগে লগে কেতেকী জনীও কাঁইটেৰে থকা সৰকা হ'ল । তেজেৰে লুটি পুতি হৈ তললৈ পৰিল । ৰাজকুমাৰে আনন্দ ত সকলো পাহৰি একে জাপে ফুল পাহ কাটি লগুৱা লিকচৌ সহ ৰাজপ্ৰসাদলৈ দৌৰ মাৰিলে । সোনকালে ৰাজপ্ৰসাদ পাব লাগে, ৰাজকুমাৰীক ফুলৰ ৰেণু সানি জীয়াই তুলিব লাগে । পিছলৈ চাবৰ সময় নাই । ৰাজপ্ৰসাদ পাই ৰাজকুমাৰীক কেতেকী ফুলৰ ৰেণু সানি দিলে, ৰাজকুমাৰী আকৌ আগৰ নিচিনা হৈ পৰিল । ৰাজপ্ৰসাদ আনন্দৰে ভৰি পৰিল ।
কেতেকী জনী ? কেতেকী জনীৰ দেহতো কিন্তু তেজেৰে লুটুৰি হৈ তাতে পৰি থাকিল । ৰাজকুমাৰে আনন্দত তাইৰ কথা পাহৰিয়ে পেলালে । কেতেকী জনীৰ হিঁয়া ভঙা মাতৰ ধ্বনী আকাশে বতাহে ভাহি কোনোবা অচিন দেশলৈ গুচি গ'ল । নিষ্ঠুৰ জীৱ শ্ৰেয় মানুহৰ স্বাৰ্থপৰতাই এজনী মুকলি মনৰ চৰাইক অবিচাৰে বিদায় দিলে ।
এয়াই হ'ল মানুহে "জত জীৱ জঙ্গম, কৃত পতঙ্গম, অগ নগ জগ তেৰি কায়া " বুলি জীৱৰ ওপৰত কৰা বিছাৰ । মানুহে মানুহক শেষ নিশ্চাস ত্যাগ নকৰালৈকে হিংসা কৰি যাব পাৰে আৰু মৃত শয্যাৰ ওপৰেদি গৈয়ো নিজৰ স্বৰ্থ পুৰণ কৰিব পাৰে । এইটো তাৰেই এটা উদাহৰণহে মাত্ৰ ।
যতীন্দ্ৰ নাথ দুৱৰাৰ স্বাৰ্থপৰ মানুহৰ চৰিত্ৰৰে লিখা "কেতেকী " নামৰ কবিতাটোৰ আধাৰত ।
সুন্দৰ
ReplyDelete